ৰাজ্যত নাটনি হ’ব নেকি খাদ্য সামগ্ৰী, সঁচা কি জানিবলৈ পঢ়ক এই খবৰ…

ৰাজ্যত নাটনি হ’ব নেকি খাদ্য সামগ্ৰী, সঁচা কি জানিবলৈ পঢ়ক এই খবৰ…

ৰাজ্যত খাদ্য সামগ্ৰী অভাৱ হ'ব বুলি এচাম দুষ্টচক্ৰই প্ৰচাৰ চলাইছে। দোকান-পোহাৰ সমূহত প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ ভিৰ কৰিছে মানুহে। চাউল, দাইল, চেনী আদি অত্যাৱশ্যকীয় সামগ্ৰী সমূহ সঁচাকৈ অভাৱ ঘটিব নেকি ৰাজ্যত। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণে এই সন্দৰ্ভত প্ৰস্তুত কৰা এক প্ৰতিবেদন।

আৰু কিমান দিনলৈ গেলামালৰ দোকানসমূহত খাকিব চাউল, দাইল। এচাম লোকে চলোৱা অপপ্ৰচাৰৰ দৰেই শেষ হৈ যাব নেকি এই সামগ্ৰী সমূহ। সন্মুখত আৰু ১৮ টা দিন বাকী। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক গৈছিল গেলামালৰ দোকানলৈ। গেলামালৰ দোকানীসকলে ক'লে, এতিয়ালৈকে পাই আছে চাউল, দাইল। পিছলৈ কি হয় তেওঁলোকে নাজানে।

এইখিনিতে এনে অভিযোগো উঠিছে যে, আলু, পিঁয়াজৰ দাম হঠাৎ উৰ্ধমুখী হৈছে। একাংশ অসাধু ব্যৱসাীয়ে এই সুযোগ গ্ৰহণ নকৰা নহয়। টকালৈ নাচাই সকলোৱে যিকোনো প্ৰকাৰে সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে।

ফাচীঁবজাৰৰ পাইকাৰী বজাৰতো এইকেইদিন ব্যস্ততা বাঢ়িছে। বিচৰা ধৰণেৰে খুচুৰা বিক্ৰেতাসকলক অতি কৌশলেৰে পৰ্যাপ্ত সামগ্ৰী দিয়াত দুই-একে কৃপণালী কৰাৰৰো অভিযোগ পোহৰলৈ আহিছে। ৰে'ল বন্ধৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী নাটনি হ'ব বুলি সাধাৰণ লোকে বিশ্বাস কৰিছে।

এইবোৰ মিছা খবৰ। নাটনি নহয় ৰাজ্যত চাউল, দাইল, তেল আদি অত্যাৱশ্যকীয় সামগ্ৰী। যাত্ৰীবাহী ৰে'লসেৱা বন্ধ হ'লেও চলি আছে মালবাহী ৰে'লসেৱা। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে এই সন্দৰ্ভত কথা পাতিছিল উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যৰ সৈতে।

বিষয়াগৰাকীয়ে জনালে বৃহস্পতিবাৰৰ দিনালৈকে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই ৩৭ খন ৰে'ল আহি অসমৰ বিভিন্ন স্থান পাইছেহি। এই মালবাহী ৰে'লকেইখনত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী অনা হৈছে। সেইবোৰৰ আনলোডিঙৰ কাম চলি আছে।

লগতে তেওঁ কয়, অসমমুখী আন ৩৯ খন মালবাহী ৰে'ল যাত্ৰাপথত আছে। কম সময়ৰ ভিতৰতে সেই ৰে'লবোৰ আহি গন্তব্য স্থান পাবহি। তেনে পৰিপ্ৰেক্ষিটত অসমত খাদ্য সামগ্ৰী নাটনি হোৱাৰ কোনো সম্ভাৱনাই নাই বুলি তেওঁ জানিবলৈ দিয়ে।

লকডাউনৰ সময়ত দিন ৰাতি একাকাৰ কৰি ৰে'ল কৰ্মীসকলেও দায়িত্ব সম্পাদন কৰিছে। সেই ৰে'লকৰ্মী সকলৰ নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰক অৱশ্যে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। এই সময়তে পোহৰলৈ আহিছে যে, এনে অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত ৰে'লকৰ্মীকো পশ্চিম বংগত আৰক্ষীয়ে প্ৰহাৰ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে। সেয়েহে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে অসমত নিয়োজিত ৰে'লকৰ্মীসকলৰ ক্ষেত্ৰত লকডাউনৰ সময়ত যাতে আৰক্ষী বা আন কোনো লোকৰ পৰা বাধাৰ সন্মুখীন নহয় তাৰ বাবে বিশেষ পাছৰ ব্যৱস্থা কৰাৰ কথা পোষকতা কৰে।

ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে নিশ্চিত কৰিছে যে, লকডাউনৰ সময়ত অত্যাৱশ্যকীয় সেৱা আৰু খাদ্য সামগ্ৰীৰ নাটনি নহয়। এচাম লোকে এনে অপপ্ৰচাৰ চলালেও কাৰ্যত এই সময়চোৱাত নাটনি নহ'ব খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in