তলাবন্ধত স্তব্ধ ওদালগুৰিৰ জনজীৱনঃ বিভিন্ন স্থানত লাঠিচাৰ্জ..

তলাবন্ধত স্তব্ধ ওদালগুৰিৰ জনজীৱনঃ বিভিন্ন স্থানত লাঠিচাৰ্জ..

ডিজিটেল সংবাদ, ওদালগুৰিঃ মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৰাজ্যজুৰি তথা আগন্তুক ২১ দিনলৈ কেন্দ্ৰৰ ঘোষণা মৰ্মে আৰম্ভ হোৱা তলাবন্ধ কাৰ্যসূচীৰ প্ৰভাৱ সমগ্ৰ ওদালগুৰি জিলাতে সৰ্বাত্মকৰূপে পৰা পৰিলক্ষিত হয়। বন্ধ কাৰ্যসূচী কাৰ্যকৰী হোৱাৰ সময়তে সমগ্ৰ ওদালগুৰিৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে।

নিশা পৰ্যন্ত একাংশ উশৃংখল যুৱকে এই বন্ধ উলংঘা কৰাৰ ফলত ওদালগুৰি চহৰখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মৃদু লাঠীচাৰ্জ কৰা পৰিলক্ষিত হয়। ইফালে আজি পুৱা যাতে তলাবন্ধ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কোনো বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে ওদালগুৰি চহৰৰ ৰাজপথলৈ নিজেই ওলাই আহে জিলা আৰক্ষী অধীক্ষক ৰিপুল দাস।

নিয়ম ভংগ কৰি বিভিন্ন অজুহাত দেখুৱাই ৰাজপথলৈ ওলাই অহা একাংশ ৰাইজক আৰক্ষী বিষয়াগৰাকীয়ে প্ৰথমবাৰৰ বাবে সকীয়নি প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে। জিলাখনৰ আন আন আৰক্ষী বিষয়াসকলেও বিভিন্ন স্থানত তলাবন্ধ সফল কৰাৰ উদ্দেশ্যে ৰাজপথত নামি পৰে।

বন্ধৰ পৰিপ্ৰেক্ষিতত জনশূণ্য হৈ পৰে ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। আৰক্ষীৰ বাহন, এম্বুলেঞ্চ তথা জৰুৰীকালীন ব্যৱস্থাৰ বাহনৰ বাহিৰে আন বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে ৰাষ্ট্ৰীয় ঘাইপথটোত।

ইপিনে জিলাখনৰ ওদালগুৰি সদৰ আৰক্ষী থানাৰ লগতে মাজবাট, ওৰাং, ৰৌতা, হৰিশিঙাকে ধৰি সকলো আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকল কালি সন্ধিয়াৰে পৰা সষ্টম হৈ পৰে। আৰক্ষীয়ে সময়ে সময়ে বিভিন্ন স্থানত মোৱাইল পেট্ৰলিঙৰো ব্যৱস্থা কৰিছে।

বিভিন্ন স্থানত তলাবন্ধ উলংঘা কৰি ৰাজপথলৈ ওলাই অহা উদণ্ড যুৱকৰ ওপৰত আৰক্ষীয়ে মৃদু লাঠীচাৰ্জ কৰাৰ খবৰ লাভ কৰা হৈছে যদিও কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in