গণৰোষৰ বলি ধিঙৰ বিধায়ক আমিনুল ইছলাম, ক্ষুব্ধ জনতাই শিলগুটি দলিয়াই ভাঙিলে বাহন…

গণৰোষৰ বলি ধিঙৰ বিধায়ক আমিনুল ইছলাম, ক্ষুব্ধ জনতাই শিলগুটি দলিয়াই ভাঙিলে বাহন…

ডিজিটেল সংবাদ, মৈৰাবাৰী: নগাঁও জিলাৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম শনিবাৰে মৈৰাবাৰীৰ হাঁহচৰা গাঁৱত এখন দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ আহি মাজ বাটতে ৰাইজৰ ৰোষত পৰিব লগা হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমষ্টি উন্নয়নত পিঠি দিয়াৰ অভিযোগত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক মৈৰাবাৰীত আমছু আৰু সদস্য সকলে কলা পতাকা পদৰ্শন কৰি আমিনুল ইছলাম গ'বেক ধ্বনিৰে উত্তাল কৰে।

আমিনুল তেনে এক পৰিবেশৰ মাজেৰে কোনো মতে আগবাঢ়ি যায় যদিও, পুনৰ দলৈগাঁৱত ক্ষুব্ধ জনতাই আগভেটা দিয়ে আমিনুলক। পৰিস্হিতি ক্ৰমে এনে অৱস্হা পাইগৈ যে আমিনুলৰ গাড়ীত একাংশই শিলাবৰ্ষণো কৰে। ফলত আমিনুল ইছলামে কোনোমতে গাড়ীৰ ভিতৰতে থাকি আত্মৰক্ষা কৰে। তাৰ মাজৰে একাংশ লোকৰ সহায়ত আৱদ্ধ ৰাস্তা সামান্য মুকলি কৰি দিয়াত সেই সুৰুঙাৰেদি কোনো মতে আমিনুলৰ গাড়ী চালকে তীব্ৰ বেগে গাড়ী খন আগবঢ়াই নিব বিচাৰে যদিও পিছে পিছে ক্ষুব্ধ লোক সকলে শিশুপাল খেদা দিয়ে আমিনুল ইছলামক।

উল্লেখ্য যে, সমষ্টিটোৰ অন্তৰ্গত মৈৰাবাৰী মৰিগাঁও সংযোগী গড়কাপ্তানী পথ আৰু দলগাঁও ধিং গড়কাপ্তানী পথ দুটা মেৰামতিৰ ব্যৱস্হা কৰিবৰ বাবে দীৰ্ঘদিন ধৰি আমিনুল ইছলামক দাবী জনাই আহিছিল। এই ক্ষেত্ৰত আমিনুলে কোনো ব্যৱস্হা নোলোৱাত আজি জনতাৰ ক্ষোভৰ বহিঃ প্ৰকাশ ঘটিল।

এনে পৰিস্হিতিত শাৰীৰিক প্ৰহাৰৰ পৰা বিধায়কজন ৰক্ষা পৰে যদিও তেওঁৰ বাহন খনৰ খিৰিকীৰ গ্লাছ ভাঙি ক্ষতিগ্ৰস্ত হয়। বাট পথ উন্নয়নত সম্পুন্ন ব্যৰ্থতা আৰু বিভিন্ন আঁচনিৰ নামত কৰা লুণ্ঠনৰ বাবে জনপ্ৰতিনিধি জনক ৰাইজে দিয়া এনে প্ৰত্যুতৰৰ পাছত ২০২১ত আমিনুলে কেনে প্ৰত্যাহ্বানৰ সন্মূখীন হয় তাক লৈ তীব্ৰ চৰ্চা হৈছে সমষ্টিৰটোৰ চুকে কোনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in