চৰকাৰৰ অমনোযোগিতা ! ৰাইজৰ শ্ৰমদানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা…

চৰকাৰৰ অমনোযোগিতা ! ৰাইজৰ শ্ৰমদানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা…

ডিজিটেল সংবাদ চিৰাং: চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰ বা জনপ্ৰতিনিধিৰ পৰা কোনো ধৰনৰ সঁহাৰি নেপোৱাত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ভূৰ নৈৰ গৰাখহনীয়াৰ পৰা নিজ গাওঁ তথা খেতিপথাৰক ৰক্ষা কৰিবলৈ ৰাইজ মাৰ বান্ধি ওলাই আহি নিজাববীয়াকৈ গৰাখহনীয়া প্ৰতিৰোধ কৰা দেখিবলৈ পোৱা গৈছে । স্থানীয় লোকে সদৰি কৰা মতে বিগত ৫ বছৰ ধৰি বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত ৰুণীখাতা অঞ্চলত খৰস্ৰোতা ভূৰ নৈত গৰাখহনীয়া হৈ আহিছে ।

ভূৰ নৈৰ এই গৰাখহনীয়াৰ ফলত ৰুণীখাতা ভিচিডিচিৰ অন্তৰ্গত মোমেৰামবাৰী, হাস্ৰাওবাৰী ভিচিডিচিৰ পশ্চিম গোলাঝাৰ, গৰছিংপাৰা, আমিনপাৰা এলেকাত বিস্তৰ ক্ষতিসাধন কৰি আহিছে । ভূৰ নৈৰ এই গৰাখহনীয়াৰ পৰা গাওঁ কেইখনক সুৰক্ষা দিয়াৰ কাৰণে বিটিচিৰ পূৰ্বৰ চৰকাৰৰ পৰা বৰ্তমানৰ চৰকাৰক অৱগত কৰা কৰিছে কিন্তু চৰকাৰ ফালৰ পৰা ৰুণীখাতাৰ ভূৰ নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰনে আজিলৈকে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

সম্প্ৰতি ভূৰ নৈৰ গৰাখহনীয়াই ৰুণীখাতাৰ চাৰিখন গাঁৱৰ খেতিপথাৰত জলসিঞ্চনৰ একমাত্ৰ নলা খন গ্ৰাস কৰাৰ উপক্ৰম হৈ পৰিছে । স্থানীয় ৰাইজৰ আশংকা ভূৰ নৈৰ এই গৰাখহনীয়া যদি এই মুহূৰ্তত প্ৰতিৰোধ কৰাৰ ব্যবস্থা হাতত লোৱা নহয় তেনেহলে নোৱাৰি তেনেহলে চাৰিখন গাৱঁৰ পাঁচ শতাধিক কৃষক পৰিয়াল খেতিপথাৰৰ কৃষি কৰ্ম প্ৰভাৱিত হব ।

তদুপৰি মোমেৰামবাৰীত যদি জলসিঞ্চনৰ নলাটো ভূৰ নৈৰ সৈতে বিলীন হৈ যায় তেনেহলে ভূৰ নৈয়ে গতি সলনি কৰাটো একপ্ৰকাৰ নিশ্চিত ভাৱি এলেকাবাসী বৰ্তমান শংকিত হৈ পৰিছে । এই পৰিস্থিতিৰ উদ্ভৱ হলে মোমেৰামবাৰী, পশ্চিম গোলাঝাৰ, গৰছিংপাৰা আৰু আমিনপাৰা মুঠ চাৰিটাকৈ গাঁও লৈ ভুৰ নৈৰ গৰাখহনীয়াত নিছিন্ন হৈ যোৱাৰ আশংকা ব্যক্ত কৰি আজি খেতিপথাৰৰ কামকাজ বন্ধ কৰি চাৰিখন গাঁৱৰ শতাধিক লোকে ঘৰৰ পৰা ওলাই আহি নিজৰ নিজৰ ঘৰৰ পৰা একো একোডাল বাঁহ কাটি আনি শ্ৰমদান কৰি ভূৰ নৈৰ গৰাখহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ গঢ়ি তোলাৰ চেষ্টা কৰে ।

আজি ৰাইজে নিজাববীয়া ভূৰ নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ যি প্ৰচেষ্টা হাতত লৈছে সেয়া প্ৰকৃতাৰ্থে ভূৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ এটা অস্থায়ী ব্যবস্থা হে । কাৰণ এইদৰে ভূৰ নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰি আমাৰ গাওঁ, মানুহৰ ঘৰ দুৱাৰ, খেতিপথাৰ ৰক্ষা কৰিব নোৱাৰিব। কিন্তু ইয়াৰ বাদে গাওঁবাসী সকলৰ ওচৰত এই মুহূৰ্তত কোনো বিকল্প নাই ।

ভূৰ নৈৰ এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে বছৰৰ পিছত বছৰ ধৰি চৰকাৰ তথা জনপ্ৰতিনিধি সকলক আহ্বান জনোৱা হৈছে কিন্তু চৰকাৰ পক্ষৰ আজিলৈকে ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা নাই বুলি গাওঁবাসী সকলে অভিযোগ উত্থাপন কৰে । গাওঁবাসীয়ে ভূৰ নৈৰ এই গৰাখহনীয়াৰ পৰা অঞ্চলটোক ৰক্ষা কৰিবলৈ বৰ্তমান স্থানীয় এমচিএলএ তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীক এক যোগাত্মক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in