ডিজিটেল সংবাদ, বাইহাটাঃ উত্তৰপ্ৰদেশৰ দৰে অসমতো ইভিএম টেম্পাৰিঙৰ তীব্ৰ প্ৰস্তুতি চলিছে নেকি? কেইদিন মানৰ পূৰ্বে তেজপুৰৰ পৰা কামৰূপ গ্ৰাম্য জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ তিনিখন ট্ৰাকেৰে কঢ়িয়াই অনা ইভিএম জব্দ কৰিছিল ৰাইজে। কামৰূপ গ্ৰাম্য জিলাৰ ৰিটাৰ্ণিং বিষয়া তথা উপায়ুক্তই উক্ত ইভিএমসমূহ অব্যৱহৃত আৰু এইসমূহ নিৰ্বাচন আয়োগলৈ ঘূৰাই পঠিওৱাৰ বাবেহে অনা হৈছিল বুলি সংবাদমেলত প্ৰকাশ কৰিলেও, ৰাইজৰ মাজত সন্দেহ ৰৈ গৈছিল।
মঙলবাৰে পুনৰ তেজপুৰৰে আন এখন পিকআপ ভান বাইহাটা আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাৰ সেহেনিপাৰাত আৰক্ষীয়ে জব্দ কৰাৰ পাছত উক্ত ভানখনত ২ ৰাজনৈতিক ব্যক্তিসহ ইভিএম থকা বুলি ব্যাপক প্ৰচাৰ চলে। সেহেনিপাৰাৰ পৰা ভুমিৰাআতি পথেৰে সোমোৱাৰ চেষ্টা চলাওতেই আৰক্ষীৰ দল এটাই জব্দ কৰা সময়ত ভানখনত ইভিএম থকা বুলি একাংশ লোকৰ খবৰৰ ভিত্তিত সাংবাদিকৰ দল কিছু সময় পাছতেই বাইহাটা চাৰিআলি থানাত উপস্থিত হয় যদিও, তেতিয়ালৈ উক্ত পিকআপ ভানখনত ইভিএমৰ পৰিৱৰ্তে কাপোৰ সদৃশ কিছু সামগ্ৰী ভৰাই থোৱা বস্তাহে প্ৰত্যক্ষ কৰে।
আনহাতে, বাতৰি লিখা সময়লৈকে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী উপস্থিত নথকাৰ বাবে বস্তাসমূহৰ ভিতৰত কি আছে সেয়া খুলি চোৱাতো সম্ভৱ হৈ উঠা নাই যদিও, অতি ৰহস্যজনকভাৱে পিকআপ ভানখনৰ চালকসহ সেহেনিপাৰাৰ মানুহে কোৱা অনুসৰি আন দুজন লোকৰ সন্ধানো সাংবাদিকসকলে বাতৰি লিখা সময়লৈকে পোৱা নাই।
তেওঁলোকৰ পৰিৱৰ্তে ভুমুলাআটিৰ বাসিন্দা বুলি নিজকে পৰিচয় দিয়া নজৰুল তালুকদাৰে সাংবাদিকক দিয়া ভাষ্যত কয় যে- 'বস্তাসমূহত কাপোৰ আছে আৰু এয়া তেওঁ ৰঙিয়াৰ পৰা কঢ়িয়াই আনিছিল।' লগতে তেওঁ জানিবলৈ দিয়ে যে- বহিঃৰাজ্যৰ পৰা বাছেৰে অহা উক্ত কাপোৰৰ কিছু টোপোলা বাইহাটাত নমোৱাৰ পাছত বাকীখিনি বেজেৰা অভিমুখে নি থাকোতেই আৰক্ষীয়ে তেওঁক অনুসৰণ কৰে আৰু ভুমুলাআটি পথেৰে সোমাবলৈ লওঁতেই বাটভেটি ধৰি গাড়ীখন থানালৈ আনে। তাৎপৰ্যপূৰ্ণভাৱে নজৰুল তালুকদাৰে বাইহাটাত তেওঁৰ এখন কাপোৰৰ দোকান আছে বুলি কয় যদিও, দোকানখনৰ নাম কি সেই কথা সাংবাদিকক জানিবলৈ দিব পৰা নাই।
ইফালে, জব্দ কৰা এএছ১২-এচি-২৫৪৬ নম্বৰৰ বলেৰ' পিকআপ ভানখন তেজপুৰত পঞ্জীয়নভুক্ত আৰু গাড়ীখনৰ গৰাকী নিত্যানন্দ পাল বুলি জানিব পৰা গৈছে। উক্ত বাহনখন ক্ৰয় কৰাৰ বাবে তেজপুৰৰে ইণ্ডাছইণ্ড বেংকৰ পৰা ঋণ লৈ ২০১৫চনৰ ২২ জানুৱাৰীত পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে। শেহতীয়া খবৰ অনুসৰি, ভাৰপ্ৰাপ্ত বিষয়াগৰাকী উপস্থিত হোৱাত বস্তাসমূহ খুলিবলৈ লোৱা হৈছে যদিও, বৰ্তমানলৈকে কাপোৰৰ বাহিৰে ইয়াত ইভিএমৰ সন্ধান ওলোৱা নাই।
কিন্তু তেজপুৰৰ গাড়ীখনে ৰঙিয়াৰ পৰা বাইহাটা চাৰিআলিলৈ বুলি কাপোৰ কঢ়িয়াই আনি বেজেৰাৰ সেহেনিপাৰাৰ ভুমুলাআটিত কিয় উপস্থিত হৈছিলহি আৰু গাড়ীখনত থকা আন দুজন লোক হঠাতে ক'লৈ গ'ল এই লৈ ৰাইজৰ মাজত সন্দেহ ঘনীভূত হৈ উঠিছে। বিশেষকৈ পূৰ্বেও তেজপুৰৰ ট্ৰাক আৰু পিকআপ ভানত ইভিএম জব্দ হোৱা ঘটনাৰ দৰেই মঙলবাৰেও ভানখন ইভিএমৰ সৈতেই প্ৰথম অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰা বুলি ওলোৱা খবৰৰ পাছত হঠাতে এয়া কাপোৰলৈ পৰিৱৰ্তন হোৱা কথাটোক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে।