শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ সংবাদমেলঃ ইএমআই পৰিশোধ কৰাৰ সময়সীমা বৃদ্ধি…

5,877

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই এখন সংবাদমেল সম্বোধন কৰে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ সন্দৰ্ভতে এই সংবাজদমেলৰ সম্বোধন কৰে গৱৰ্ণৰগৰাকীয়ে। সংবাদমেলত ঘোষণা কৰা হয় ৰেপ’ ৰেট হ্ৰাস কৰাৰ সিদ্ধান্তৰ কথা। কোৰোনা ভাইৰাছৰ সৈতে কেনেদৰে ৰিজাৰ্ভ বেংকে যুঁজ কৰিব সেই প্ৰসংগ উত্থাপন কৰি সম্বোধন কৰা সংবাদমেলত ৪০ বেচিচ পইন্ট ৰেপ’ ৰেট ৪.৪ শতাংশৰ পৰা ৪ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে।

ৰিজাৰ্ভ বেংকৰ মনিটৰী পলিচি কমিটিয়ে ৰেপ’ ৰেট কৰ্তন কৰাৰ বাবে ভোট দিয়া বুলি উল্লেখ কৰে। ইফালে কেন্দ্ৰীয় বেংকে সমান্তৰালকৈ ৩.৩৫ শতাংশলৈ ৰেপ’ ৰেট কৰ্তন কৰিছে। ইফালে ডিজিপিৰ বৃদ্ধিও নিগেটিভ হ’ব বুলি মন্তব্য। ইফালে বৃদ্ধি কৰা হৈছে ইএমআই দিয়াৰ সময়সীমা। বেংকসমূহক এতিয়া কম সূদতে ৰিজাৰ্ভ বেংকে দিব লোন।

লকডাউনৰ সময়ত ইএমআই ৩ মাহলৈ নিদিলেও হ’ব বুলি কৰা ঘোষণা পুনৰ আৰু ৩ মাহলৈ বৃদ্ধি কৰা হৈছে। এই সময়চোৱাত যি সূদ হ’ব সেই সূদ পৰিশোধ কৰাৰ সময়সীমাও ৬ মাহলৈ বৃদ্ধি কৰা হৈছে। ৩১ মাৰ্চ, ২০২১ লৈ সূদ দিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

লগতে তেখেতে ঘোষণা কৰে ভাৰতীয় বৈদেশিক লেনদেন বৃদ্ধি পাইছে। এই লেনদেন ২০২০-২১ চনৰ ১ এপ্ৰিললৈকে ৯.২ বিলিয়ন বৃদ্ধি পাইছে। ভাৰতত লকডাউনৰ বাবে মাৰ্চ মাহত উদ্যোগিক উৎপাদন ১৭ শতাংশ হ্ৰাস পাইছে। লগতে উৎপাদন কাৰ্যও হ্ৰাস পাইছে ২১ শতাংশ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি