প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টাৰ, ৰাইজে পোৱা নাই ২ ঘণ্টাও বিদ্যুৎঃ মন্ত্ৰীয়ে কৈছে আৰু ১৫ দিনত দূৰ হ’ব সমস্যা…

প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টাৰ, ৰাইজে পোৱা নাই ২ ঘণ্টাও বিদ্যুৎঃ মন্ত্ৰীয়ে কৈছে আৰু ১৫ দিনত দূৰ হ’ব সমস্যা…

ডিজিটেল ডেস্কঃ আৰু ১৫ দিনৰ অপেক্ষা ! ১৫ দিনৰ পিছত সমাধান হ'ব সমস্যাৰ ! ১৫ দিনলৈ উৎকট গৰমৰ মাজেৰেই পাৰ কৰক ৰাজ্যবাসীয়ে। ১৫ দিনৰ পিছত সকাহ পাব সকলোৱে। কিয়নো শক্তিমন্ত্ৰীয়ে কৈছে- আৰু ১৫ দিনৰ পিছত সমাধান হ'ব সমস্যাৰ। দূৰ কৰা হ'ব বিদ্যুৎ নাটনি।

বিদ্যুৎৰ লুকাভাকু খেলত আতিষ্ঠ হৈ পৰা ৰাজ্যবাসীয়ে শীঘ্ৰেই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভাগীয় মন্ত্ৰী তথা চৰকাৰক বিদ্যুৎৰ সমস্যা সমাধান কৰিবলৈ দাবী উত্থাপন কৰাৰ সময়তে মন্ত্ৰী নন্দিতা গাৰ্লোচাই কৰা মন্তব্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যত ধাৰাবাহিক ভাৱে অহা বৰষুণে বান পৰিস্থিতি সৃষ্টি কৰাৰ পিছতে উৎকট গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্যবাসীক।

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাজ্যবাসীয়ে বৈদ্যুতিক ফেন অথবা শীত তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ সহায় ল'বলৈও লোড শ্বেডিঙে অতিষ্ঠ কৰিছে ৰাজ্যবাসীক। বিভিন্ন স্থানত ঘণ্টাৰ পিছত ঘণ্টা নাই বিদ্যুৎ। কেইবা ঘণ্টাৰ মূৰত কিছু সময়লৈ বিদ্যুৎ আহে যদিও পুনৰ কৰ্তন কৰা হয়।

এনে পৰিস্থিতিত ৰাজ্যবাসীয়ে বিদ্যুৎ বিভাগক বিভিন্ন ধৰণে সমালোচনা কৰাৰ লগতে প্ৰতিবাদো সাব্যস্ত কৰি আহিছে যদিও বিগত দিন কেইটাত কোনো সুফল লাভ কৰা নাই। এক প্ৰকাৰে শক্তিহীন হৈ পৰিছে ৰাজ্যৰ শক্তি বিভাগ।

এনে পৰিস্থিতিৰ মাজতে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যে- শীঘ্ৰে দূৰ কৰা হ'ব বিদ্যুৎ নাটনিৰ সমস্যা। আগন্তুক ১০-১৫ দিনৰ ভিতৰত ৰাজ্যত দূৰ হ'ব বিদ্যুৎৰ নাটনিৰ সমস্যা। তেওঁ কৈছে যে সকলো সমস্যা পৰ্যবেক্ষণ কৰি থকা হৈছে।

কিন্তু মন্ত্ৰী গৰাকীৰ এই মন্তব্যক বিশ্বাস কৰা নাই সৰ্বসাধাৰণে। কিয়নো বিজেপি চৰকাৰৰ বিভিন্ন প্ৰতিশ্ৰুতিৰ মাজৰ অন্যতম এক প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান অব্যাহত ৰখা। কিন্তু ২৪ ঘণ্টা দূৰৰে কথা ৰাজ্য চৰকাৰে ২৪ ঘণ্টাৰ ভিতৰত এতিয়া ১২ ঘণ্টা, ক'ৰবাত আকৌ ২ ঘণ্টাও বিদ্যুৎ যোগান ধৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈ আছে। ২৪ ঘণ্টাত ২৪ বাৰতকৈ অধিক কৰ্তন কৰা হৈছে বিদ্যুৎ। সেয়েহে মন্ত্ৰীৰ এই মন্তব্যক বিশ্বাস কৰাৰ পৰিৱৰ্তে সাধাৰণ ৰাইজে মন্তব্য কৰিছে- দেখিলেহে, লেখিম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in