শেহতীয়া খবৰ
কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  ২৩ বছৰীয়া বিবাহ বাৰ্ষিকীত আবেগিক হৈ পৰিল প্ৰিংয়কা, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...  •  উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫  •  বন্ধ হ’ব ভোডাফোন আইডিয়া...  •  অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক কি কি পৰামৰ্শ দিলে উচ্চস্তৰীয় কমিটিয়ে...

নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত সুৰা মাফিয়া বেজু মহতো…

82

ডিজিটেল ডেস্কঃ বিহাৰৰ হাজিপুৰত শুকুৰবাৰে নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত এটা সুৰা মাফিয়া। নিহত সুৰা মাফিয়াটোৰ নাম বেজু মহতো। লালগঞ্জ থানাৰ অন্তৰ্গত পকড়ীকণ্ড গাঁৱৰ বাসিন্দা আছিল এই সুৰা মাফিয়াটো। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি নিশা প্ৰায় ১ বজাত তীনপুলৱা চকৰ সমীপত আৰক্ষী আৰু সুৰা মাফিয়া মহতোৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ।

ইফালে, ঘটনা সন্দৰ্ভত এজন আৰক্ষী বিষয়াই জনাই যে, বহু অপৰাধৰ সৈতে জড়িত এই সুৰা মাফিয়াটোক বহু দিনৰে পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ বিচাৰি আছিল।কিন্তু নিশা সংঘৰ্ষৰ সময়ত মহতোৰ গুলীচালনাত মৃত্যু হ’ল যদিও, তেওঁৰ লগত থকা অপৰাধী কেইজন পলাবলৈ সক্ষম হয়। লগতে আন এজনক অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সুৰা মাফিয়াটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি