লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত…

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত…

ডিজিটেল সংবাদ,লখিমপুৰ : ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ ৷ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰক উৰাজাহাজৰ পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰা হৈছে ৷ দেশৰ তিনিটা বিমান বন্দৰক ভাৰতীয় বিমান বন্দৰ প্ৰাধীকৰনে পাইলট প্ৰশিক্ষণ কেন্দ্ৰলৈ উন্নয়ন কৰা হৈছে ৷ বালাগাভি ,খজুৰাহু আৰু লীলাবাৰী এই তিনি বন্দৰক পাইলট প্ৰশিক্ষণ কেন্দ্ৰ হিচাবে গঢ়ি তোলা হ'ব ৷

এই কথা টুইট যোগে লখিমপুৰ প্ৰশাসনক জনাই এয়াৰপোৰেট অথৰিটি অফ ইণ্ডিয়াই ৷ লখিমপুৰ জিলা প্ৰশাসনৰ প্ৰস্তাৱৰ প্ৰতি সন্মতি জনাই এই কথা সদৰী কৰিছে সংস্থাটোৱে ৷উল্লেখ্য যে পাইলট প্ৰশিক্ষণৰ লগতে লীলাবাৰীত বিমান একাডেমী গঢ়ি তোলাৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in