লিকাবালিত ঐতিহাসিক মালিনী মেলাৰ সফল সামৰণি, অন্তিম দিনা লোকে লোকাৰণ্য মেলাৰ বাকৰি

লিকাবালিত ঐতিহাসিক মালিনী মেলাৰ সফল সামৰণি, অন্তিম দিনা লোকে লোকাৰণ্য মেলাৰ বাকৰি

ডিজিটেল সংবাদ, লিকাবালিঃ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালিত যোৱা ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ঐতিহাসিক মালিনী মেলাৰ মঙলবাৰে সামৰণি পৰে। লিকাবালি নগৰৰ পৰা ১ কিলোমিটাৰ নিলগত অৱস্থিত ঐতিহাসিক মা মালিনী থানৰ বাসন্তি পূজাৰ উপলক্ষ্যে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলা প্ৰশাসন আৰু মালিনী থান বিকাশ পৰিষদৰ তত্বাৱধানত অনুষ্ঠিত হয় এই মেলা।

মেলাৰ অন্তিম দিনাও দেখা পোৱা গ'ল ব্যাপক জনসমাগম। অসম-অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা মালিনী মন্দিৰ দৰ্শন কৰাৰ লগতে মেলা উপভোগ কৰিবলৈ অজস্ৰ লোক উপস্থিত হোৱা পৰিলক্ষিত হয়। বগীবিল দলঙেৰে যাতায়ত আৰম্ভ হোৱাত দৰ্শনাৰ্থীৰে লানি নিছিগা সোঁত বয়। মালিনীথানাৰ কাষতে আয়োজিত বিশাল উদযাপন থলীত পুৱাৰ পৰাই দৰ্শনাৰ্থীৰে বিৰ দি বাট নোপোৱা পৰিবেশ সৃষ্টি হয়।

বিভিন্ন পূজাৰ সামগ্ৰী, সাগৰীয় মণি-মুকুতাৰ সামগ্ৰীৰ বিপণী, কাঁহ-পিতলৰ বাচন বৰ্তন আদি বিভিন্ন সামগ্ৰীৰ লগতে পৰম্পৰাগত জনজাতীয় খাদ্য সম্ভাৰত ৰাইজৰ ব্যাপক সমাগত পৰিলক্ষিত গৈছে। অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াত পদ্মশ্ৰী বঁটাপ্ৰাপক মুম্বাইৰ জনপ্ৰিয় শিল্পী কৈলাশ খেৰৰ লগতে কেইবাজনো বিশিষ্ট শিল্পীক অনুষ্ঠান পৰিবেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

ইফালে নিশাৰ ভাগত অনুষ্ঠিত হয় সৌন্দৰ্য্য প্ৰতিযোগিতা 'মিচ মালিনী'। অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলা প্ৰশাসন আৰু মালিনী থান বিকাশ পৰিষদৰ উদ্যোগত অনুষ্ঠিত মেলাৰ সৰ্বকালৰ অভিলেখ ভাঙি এইবাৰ মেলাত নাই জুৱা, সুৰা আৰু ধূম্ৰপানৰ প্ৰচলন। একালত লিকাবালিৰ এই অঞ্চলৰ পৰা আকাশী গংগালৈকে ৭ কিলোমিটাৰ উত্তৰলৈকে অসমৰ এলেকা ৰূপে পৰিচিত আছিল। অসমৰ লোকে আয়োজন কৰিছিল মেলা। পিছে অসম চৰকাৰৰ চৰম হেমাহিৰ বাবে আকাশী গংগাৰ পৰা লিকাবালি লৈকে সমগ্ৰ অঞ্চলটো নিজা দখলৈ নিয়াত উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম শক্তিপীঠ ৰুপে পৰিচিত মালিনী থানখনো অৰুণাচলৰ দখললৈ গ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in