লিকাবালিৰ আকাশীগংগাত পূণ্যস্নানৰ বাবে নিশাৰে পৰা অগণন ভক্তৰ ভিৰ…

লিকাবালিৰ আকাশীগংগাত পূণ্যস্নানৰ বাবে নিশাৰে পৰা অগণন ভক্তৰ ভিৰ…

ডিজিটেল ডেস্কঃ গংগাত মকৰ সংক্ৰান্তিৰ স্নানৰ বাবে পাৰাপাৰহীন মানুহ। একেদৰেই অসম-অৰুণাচল সীমান্তৱৰ্তীতো পূৰ্বৰ দৰেই মঙলবাৰৰে পৰা অগণন ভক্তই ভিৰ কৰিছে লিকাবালিৰ সেই প্ৰখ্যাত আকাশীগংগাৰ তীৰত। পৰশুৰাম কুণ্ডতো একেই অৱস্থা। ৰাজ্যৰ মন্দিৰ, নামঘৰ আদিতো অগণন লোকে পুৱা মেজি দাহ কৰি অগ্নিৰ আশীষ লোৱাৰ পাছত ইস্তদেৱতাৰ আশীষ বিচাৰি ভিৰ কৰিছেহি।

ক'ৰবাত যদি মকৰ সংক্ৰান্তিৰ আশীষ, অসমত জাতিৰ বাপুতিসাহোন ভোগালী বিহুৰ আশীষ বিচৰাৰ প্ৰয়াস চলিছে চৌপাশে। গ্ৰাম্য সমাজত জ্যেষ্ঠজনক প্ৰণাম কৰি বিহুৰ আশীষ লোৱাতো জাতীয় পৰম্পৰাৰে আন এক অনন্য বৈশিষ্ট্য।

বুধবাৰে পুৱতি নিশাৰে পৰা চিলাপথাৰৰ পৰা ১৩ কিলোমিটাৰ নিলগৰ লিকাবালিৰ আকাশীগংগাত স্নান কৰিবলৈ অগণন ভক্তই ভিৰ কৰিছে। সেইদৰে নগাঁৱৰ চম্পাৱতী কুণ্ড, দবকাৰ আকাশীগংগাৰ লগতে উত্তৰ গুৱাহাটীৰ অশ্লোক্লান্ততো ভক্তৰ ভিৰ। সকলোৰে একেই প্ৰাৰ্থনা সেয়া মেজিৰ জুইৰ সন্মুখতেই হওঁক অথবা কুণ্ডস্থানতেই হওঁক ইস্তদেৱতাই বছৰটোৰ বাবে সকলোৰে অপায়-অমংগল দূৰ কৰক, শস্যপ্রধান অসম কৃষি উৎপাদনেৰে নদন-বদন হওঁক, ৰাজ্যখনলৈ চুনামী নমোৱা নাগৰিকত্ব সংশোধনী আইনৰ দৰে বিপদবোৰ দূৰ হওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in