ক’ত লাইট হাউছ চোৱাচিতাৰ বাবে লাভ কৰিব ৯১ লাখৰো অধিক ধন?

ক’ত লাইট হাউছ চোৱাচিতাৰ বাবে লাভ কৰিব ৯১ লাখৰো অধিক ধন?

ডিজিটেল ডেস্কঃ এটা লাইট হাউছত খালী হৈছে এটা পদ। যাৰ বাবে প্ৰতি মাহে দিয়া হ'ব এক বৃহৎ পৰিমানৰ ধন। এই পদটোৰ বাবে অৱশ্যে দুজন লোকক নিযুক্তি দিয়া হ'ব। পদবী লাভ কৰা দুয়োজন ব্যক্তিৰ মাজত সমানে দৰমহা ভাগ কৰাৰ পাছতো এই ধনৰ পৰিমান আচৰ্যজনক।

আচলতে আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰৰ এটা দ্বীপত কৰিবলগীয়া এই কামৰ বাবে আদায় দিয়া হ'ব ১,৩০,০০০ ডলাৰ অৰ্থাৎ ৯১লাখ ৬৪হাজাৰ ৩৫০ টকা। এই ধন দিয়া হ'ব দ্বীপটোত থকা এটা ঐতিহাসিক লাইট হাউছৰ চোৱা-চিতা কৰাৰ বাবেহে।

চি এন এনৰ এক ৰিপৰ্ট অনুসৰি এই লাইট হাউছটো ইষ্ট ব্ৰডৰ লাইট ষ্টেচন ছেন পাব্লো খাৰীত স্থিত। যিখন ঠাই ছেন ফ্ৰান্সিছক'ৰে এটা বৃহৎ অংশ। উল্লেখ্য যে, ১৮৭৪চনতেই উক্ত স্থানত নিৰ্মাণ কৰা হৈছিল। যাতে এই স্থানৰ কাষৰীয়া অঞ্চলবোৰৰ নাৱৰীয়া সকলে নাৱেৰে নিশা যাত্ৰা কৰিলে পথৰ পৰা আঁতৰি নাযায়।

ইফালে, লাইট হাউছটোত প্ৰথমে লাইটটো চাৰিও দিশে ঘূৰাবলৈ এজন নিৰ্দিষ্ট লোক আছিল যদিও, ১৯৬০চনত নতুন যন্ত্ৰপাতি ব্যৱহাৰেৰে এই লাইটটো স্বয়ংক্ৰিয়ভাৱে চাৰিও দিশে ঘূৰি থকাৰ ব্যৱস্থা কৰা হয়।

এক সংবাদমাধ্যমৰ আগত স্থানীয় মেয়ৰগৰাকীয়ে কয়- 'মই ইয়াত ৪০ বছৰ কাৰ্যনিৰ্বাহি কৰিছো। প্ৰথমে এই লাইটহাউছটোত কোনো লোকে গুৰুত্ব দিয়া নাছিল। কিন্তু পৰৱৰ্তী সময়ত এই লাইটহাউছটোৰ চোৱাচিতা কৰিবলৈ ৰাজহ প্ৰাপ্ত কৰাৰ বাবে ব্যৱস্থা কৰা হয়।'

উল্লেখ্য যে, এই লাইটহাউছটো চোৱাচিতা কৰিবলৈ প্ৰাৰ্থীগৰাকীৰ উদ্যোগিক ক্ষেত্ৰৰ অভিজ্ঞতা থকা আৰু আমেৰিকাৰ কোষ্ট গাৰ্ড কমাৰ্চিয়েল ব'ট অপাৰেটৰ লাইছেন্স থকাটো আৱশ্যক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in