মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল ডেস্কঃ ২০১৭ চনত এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অপৰাধত দুজন লোকক যাৱজ্জীৱন কাৰাদণ্ড বিহে মহাৰাষ্ট্ৰৰ পালঘৰৰ এখন আদালতে। বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধৰাৰা অধীনত হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি মনোজ চদ্দৱান আৰু বাবুৰাও য়েচংকৰৰ শাস্তিৰ ৰায় প্ৰদান কৰে আদালতে।

উল্লেখ্য যে, ২০১৭ চনত পালঘৰৰ চিন্দৱাৰাৰ নিৱাসী অনিতা ৱাংখেৰে নামৰ এগৰাকী ৩২ বৰ্ষীয় মহিলাক জীৱন্তে জ্বলাই দিছিল এই দুজন অপৰাধীয়ে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, টকা পইচা জনিত কাৰণতে এই ঘটনা সংঘটিত কৰিছিল অভিযুক্ত দুজনে। ঘটনাৰ পিছত আৰক্ষীয়ে মনোজ চদ্দৱান আৰু বাবুৰাও য়েচংকৰক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে। ঘটনাৰ ২ বছৰ পিছত অৱশেষত আদালতে দুয়োজন অভিযুক্তৰ বিৰুদ্ধে ৰায় প্ৰদান কৰাত সন্তুষ্টি ব্যক্ত কৰিছে অনিতাৰ পৰিয়ালে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in