লিডু শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন…

লিডু শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক অধিবেশন…

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ লিডু শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিবেশন আৰু কলাগুৰু বিষ্ণু ৰাভা দিৱসটি তিনিদিনীয়া কাৰ্যসূচীৰে মনবাহাদুৰ গুৰুং সমন্বয় ক্ষেত্ৰ ( লিডু ৰেলৱে ৰঙ্গমঞ্চ)ত সফলতাৰে সম্পন্ন হৈ যায় ।

প্ৰথমদিনা কাৰ্যসূচী অনুসৰি পুৱা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুঙৰ উপস্থিতিত শিক্ষাবিদ সোমেশ্বৰ নেওগে সমন্বয় ক্ষেত্ৰ উদ্বোধন কৰে । তাৰপাছতে  শাখাটোৰ ৫২ বছৰ সম্পন্ন হোৱা উপলক্ষে সমসংখ্যক পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । মূল পতাকা উত্তোলন কৰে শাখাৰ বিদায়ী সভাপতি চন্দ্ৰ গৌতমে ।

তাৰপাছতে স্মৃতি তৰ্পন কৰে আদৰণি সমিতিৰ সভাপতি ড° পবিত্ৰ গগৈয়ে  । বিষ্ণু ৰাভাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰে সুখদেৱ শৰ্মা , বিপুল ৰয়ে। তাৰপাছতে ৰাভা সংগীত ,জ্যোতি সংগীত , ৰবীন্দ্ৰ সংগীত সৃষ্টিমূলক নৃত্য  বিষ্ণু ৰাভাৰ কবিতা আবৃতি প্ৰতিযোগিতা  অনুষ্ঠিত হয় ।

বিয়লি ৪ বজাত লিডু হিন্দু মিলন মন্দিৰ প্ৰেক্ষাগৃহত শাখাৰ সাধাৰণ  সভা অনুষ্ঠিত হয় । চন্দ্ৰ গৌতমৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ আৰম্ভণীতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে ৰাণাজ্যোতি নেওগে । সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয় । পাছত বিশিষ্ট সংগীত শিল্পী ড° দিপালী বৰপুজাৰীক সভানেত্ৰী , শিক্ষাবিদ লক্ষ্মীনাথ হালৱাক উপ-সভাপতি সাংবাদিক তথা সাহিত্যকৰ্মী  ৰাণাজ্যোতি নেওগক সাধাৰণ সম্পাদক লিডু কেন্দ্ৰীয় বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ অনিল কোঁৱৰক সহকাৰী সম্পাদক  মাৰ্ঘেৰিটা আন্ঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মাক কোষাধ্যক্ষ  প্ৰবক্তা মাধৱ দয়াল দত্তক মুখপত্ৰ সম্পাদক   হিচাপে লৈ ১১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

সন্ধিয়া ৮ বজাত নৱল কিশোৰ বুঢ়াগোঁহাই সত্যেন বৰাৰ পৰিচালনাত পাটকাই নাট্য গোষ্ঠীয়ে নিবেদন কৰে ৰূপকোঁৱৰ  জ্যোতি প্ৰসাদ আগৰৱালাৰ নাট ৰূপালীম । পাছদিনা দিনৰ ১১ বজাত নৱীন লেখক – লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান ৰামধেনু অনুষ্ঠিত হয় । বিশিষ্ট যুৱ সাহিত্যিক ৰাজীৱ নিংখীয়ে উদ্বোধন কৰা অনুষ্ঠানটোৰ আঁত ধৰে অনিল কোঁৱৰ আৰু উজ্বল চৌধুৰীয়ে ।

এই অনুষ্ঠানটোত দিহা নাম , সত্ৰীয়া নৃত্য , বিহু প্ৰদৰ্শন আদি বিভিন্ন অনুষ্ঠান পৰিবেশিত হয় । তাৰপাছতে মহিলা লেখিকা আৰু শিল্পীৰ অন্তৰঙ্গ অনুষ্ঠান আকাশ অনুষ্ঠিত হয় । অনুষ্ঠানটোত কবিতা গীত অভিনয়ৰে দুকুৰি মহিলা সাহিত্যিক শিল্পীয়ে মুখৰিত কৰে । অনুষ্ঠানটোৰ আঁত ধৰে দিপালী বৰপুজাৰী আৰু মিনা নাথে । উদ্বোধন কৰে আভা দত্তই । তাৰপাছতে মিতালী ৰয়ৰ পৰিচালনাত শিশুৰ দ্বাৰা বিশ্ব যোগ দিৱস উপলক্ষে যোগ পৰিবেশন হয় । 

সন্ধিয়া ৭ বজাত সীমান্ত দত্ত আৰু  ৰাজীৱ বৰঠাকুৰৰ পৰিচালনাৰে প্ৰাপ্তবয়স্ক শিক্ষা নামৰ এখন মন্ঞ্চস্থ কৰে মহিলা শিল্গীয়ে । অন্তিমদিনা দিনৰ ১১ বজাত লিডু শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভানেত্ৰী ড° দিপালী বৰপুজাৰী সিনহাক  সু-সজ্বিত বাহনত আৰোহন কৰাই অনুষ্ঠানস্থলীৰ পৰা একুৰি সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে ৰাষ্ট্ৰীয় ঘাই পথেদি এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । উদ্বোধন কৰে সুখদেৱ শৰ্মাই ।

তাৰপাছতে শাখাৰ বিদায়ী  সভাপতি চন্দ্ৰ গৌতমৰ পৌৰহিত্যত মুকলি সভাখনি অনুষ্ঠিত হয় । সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য বাখ্যাত শাখাৰ এটা আটকধুনীয়া ভৱন নিৰ্মানৰ প্ৰস্তুতি চলাই থকাৰ কথা ব্যক্ত কৰাৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই  প্ৰধানমন্ত্ৰী খনিজ খাদান যোজনা আচঁনিৰ জৰিয়তে ২৫ লাখ টকা আৱন্তন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বুলি ৰাইজক জানিবলৈ দিয়ে ।

সভাখনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে অসমৰ জাতীয় জীৱনলৈ অসম সাহিত্য সভাই আগবঢ়াই অহা অৱদানৰ কথা ব্যক্ত কৰে । সভাখনত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি ড° গিৰীশ সন্দিকৈ , তিনিচুকীয়া জিলা কবি সন্মিলনৰ সভাপতি ড° ৰন্ঞ্জিত দত্ত , তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড° খৃষি দাসে অংশ গ্ৰহণ কৰি বক্তব্য ডাঙি ধৰে ।

সভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং , তিনিচুকীয়া জিলা সাহিত্য সভাৰ সম্পাদক দ্বিপেন কুমাৰ বৰা , অৰ্জুন বৰুৱা ,আদৰণি সমিতিৰ সভাপতি ড° পবিত্ৰ গগৈ সাধাৰণ সম্পাদক তপন দে শ্যামল নেওগ  সুখদেৱ শৰ্মা সোমেশ্বৰ নেওগ বিপুল ৰয় অনিল কোঁৱৰ নবল কিশোৰ বুঢ়াগোঁহাই সাধন গগৈ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সভাতে গীতা  দেৱী নেওগ আৰু অমৰজ্যোতি ফুকনৰ সম্পাদনাত প্ৰকাশিত শাখাৰ পত্ৰিকা নৱনিবাৰ্চিত সভানেত্ৰী বৰপুজাৰীয়ে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে । নিশা বাপী চৰকাৰৰ দ্বাৰা পৰিচালিত আমৰাও মানুষ নামৰ বাংলা নাট এখন স্থানীয় শিল্পীয়ে মন্ঞ্চস্থ কৰে । তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in