লিডুত ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযানত এনএছচিএন (আৰ)ৰ কেডাৰ আটক

লিডুত ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযানত এনএছচিএন (আৰ)ৰ কেডাৰ আটক

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই সোমবাৰে এন এছ চি এন (আৰ)ৰ এজন কেডাৰ আটক হয়। ভাৰতীয় সেনাৰ ৩ নং গাৰুৱাল ৰাইফালছে উগ্ৰপন্থী বিৰুদ্ধে অভিযান চলাই থকা অৱস্থাত লিডুৰ টিৰাপ কলিয়ৰীৰ পৰা আটক কৰে কেডাৰজনক। ধৃত কেডাৰজনৰ নাম ছিংমাই হাচেং বুলি জানিব পৰা গৈছে ।

ইফালে, এন এছ চি এন ( আৰ) কেডাৰজনৰ পৰা সেনাই এটা ৭.৬৫ এম এম পিষ্টল, এটা মেগজিন আৰু ৩ ৰাউণ্ড সজীঁৱ গুলি উদ্ধাৰ কৰে। সেনাই কেডাৰজনক লিডুৰ আৰক্ষী চকীত চমজাই দিয়ে। লিডু আৰক্ষীয়ে আটকাধীন কেডাৰজনক সোধাপোছা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in