ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মণ্ডলৰ কাৰ্যালয়ত ‘সতৰ্কতা জাগৰণ সপ্তাহ’ সম্পন্ন

ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মণ্ডলৰ কাৰ্যালয়ত ‘সতৰ্কতা জাগৰণ সপ্তাহ’ সম্পন্ন

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশমৰ্মে ২৮ অক্টোবৰৰ পৰা ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী মণ্ডলৰ কাৰ্যালয়ত আৰম্ভ হোৱা 'সতৰ্কতা জাগৰণ সপ্তাহ' বুধবাৰে সামৰণি পৰে। কৰ্মচাৰী সকলৰ সততাৰ শপতগ্ৰহণ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ লগতে মঙলদৈ আৰু হোজাইত সজাগতা সভা ইত্যাদিৰে সতৰ্কতা জাগৰণ সপ্তাহ পালন কৰা হয়।

তদুপৰি সামৰণি অনুষ্ঠানৰ অংশ হিচাপে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত 'দুৰ্নীতি নিৰ্মূলৰ হেতু সততাই হ'ল একমাত্ৰ আহিলা' শীৰ্ষক এখনি তৰ্ক প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। দিগন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিচাৰকৰ আসন গ্ৰহণ কৰে দীপক শৰ্মা, প্ৰানজিত দাস আৰু বিপ্লৱ টায়ে।

সামৰণি অনুষ্ঠানৰ মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ক্ষেত্ৰীয় সতৰ্কতা বিষয়া দিলীপ নন্দী আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰণৱজ্যোতি গোস্বামী। সভাতে বিজয়ী প্ৰতিযোগীসকলক প্ৰদান কৰা হয় বঁটা। অনুষ্ঠানত শেষত ভাৰতীয় জীৱন বীমা গুৱাহাটী মণ্ডলৰ কাৰ্যালয়ৰ হৈ কৰ্মচাৰী তথা উদ্যোগিক সম্বন্ধ বিভাগৰ প্ৰবন্ধক ত্ৰিদীপ গাথিৰিয়ে সকলোৰে শলাগ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in