চামগুৰিত এজন যুৱকৰ প্ৰচেষ্টাত গঢ় লৈছে “অসমীয়াগিৰি পুথিভঁৰাল”…

চামগুৰিত এজন যুৱকৰ প্ৰচেষ্টাত  গঢ় লৈছে “অসমীয়াগিৰি পুথিভঁৰাল”…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এজন যুৱক । নাম দিপু বৰুৱা । অসমীয়া গিৰি-কৰ্ম এক জাগৰণ, শ্লোগানেৰে আগবাঢ়িব খোজা শিক্ষিত নিৱনুৱা যুৱক জনে কোভিড পৰিস্থিতিৰ পৰিপেক্ষিতত বিগত ডেৰ বছৰ ধৰি ঘৰৰ সমুখতে চলাই আহিছে মাছ আৰু হাঁহ-কুকুৰাৰ মাংসৰ ব্যৱসায় । চাকৰিমুখী নহৈ "অসমীয়া গিৰি-কৰ্ম এক জাগৰণ নামেৰে গঢ়ি তোলা মাছ-মাংসৰ প্ৰতিস্থান খনলৈ দৈনিক আগমন ঘটে শতাধিক গ্ৰাহকৰ । শেহতীয়াকৈ যুৱক জনে অঞ্চলটোৰ যুৱক সকলক লৈ গঢ়ি তুলিছে "একত্ৰিত যুৱ মঞ্চ"নামৰ এটি অনুষ্ঠান । উক্ত অনুষ্ঠানটিৰ নেতৃত্বত অঞ্চলটোৰ দুখীয়া-দৰিদ্ৰ ছাত্ৰ ছাত্ৰী সকলৰ সহায় হোৱাকৈ দিপু বৰুৱাই নিজৰ গাঁঠিৰ ধনেৰে গঢ়ি তুলিছে "অসমীয়াগিৰি" নামেৰে এটা ব্যতিক্ৰমী পুথিভঁৰাল।

অঞ্চলটোৰ যুৱক সকলে হাতে কামে লাগি বাঁহ কাঠেৰে নিৰ্মাণ কৰি গঢ়ি তোলা আটকধুনীয়া পুথিভঁৰালটি আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয় । কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে মুখ্য উদ্যোক্তা তথা নৱগঠিত "একত্ৰিত যুৱ মঞ্চ"ৰ সভাপতি দিপু বৰুৱাই । পুথিভঁৰালটি বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই ফিটাকাটি শুভ উন্মোচন কৰাৰ পিছতে অৱসৰপ্ৰাপ্ত সেনা জোৱান তথা চামগুৰি গাওঁ পৰিচালনা সমিতিৰ সভাপতি জীৱেশ্বৰ শইকীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ।

সমাজ সংগঠক ৰমেশ ভঁৰালীয়ে বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰুৱা,শিক্ষক মহেন্দ্ৰ শইকীয়া,যুৱনেতা অনুপ শইকীয়া,বয়োজেষ্ঠ ব্যক্তি বগীৰাম বৰা,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰেন নেওগ,অধ্যাপকদ্বয় দ্বিজেন শৰ্মা অৰু টানচেং খাংকেও,সাংবাদিক দিপান্ত কাকতি প্ৰমূখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে । ইতিমধ্যে "অসমীয়া গিৰি পুথিভঁৰাল" লৈ অঞ্চলটোৰ বিভিন্ন জনে কিতাপৰ টোপোলাৰ উপৰিও আগবঢ়াইছে আৰ্থিক সাহাৰ্য্য । আনহাতে সততা আৰু দৃঢ়তাৰে আগবঢ়া অঞ্চলটোৰ শিক্ষিত যুৱক দিপু বৰুৱাৰ এই মহান প্ৰচেষ্টাৰ শলাগ লৈছে সকলোৱে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in