স্ব-গৃহত প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ নশ্বৰ দেহ, বৃহস্পতিবাৰে সম্পন্ন হ’ব জানাজা, VIDEO

স্ব-গৃহত প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ নশ্বৰ দেহ, বৃহস্পতিবাৰে সম্পন্ন হ’ব জানাজা, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ চেঙা সমষ্টিৰ প্ৰাক্তন বিধায়ক লিয়াকৎ আলী খানৰ বুধবাৰে দেহাৱসান ঘটে৷ মৃত্যুৰ সময়ত লিয়াকত আলী খানৰ বয়স হৈছিল ৬৪ বছৰ৷ ১৯৫৫ চনত চেঙাৰ বৰঘোল গাৱত জন্মগ্ৰহণ কৰিছিল খানে। মগজুৰ ৰক্তক্ষৰণ  মৃত্যু ঘটে প্ৰাক্তন বিধায়কগৰাকীৰ৷ বুধবাৰে পুৱা ৪-৩০ বজাত হৃদৰোগত আক্ৰান্ত খানক ভৰ্তি কৰা হৈছিল নাৰায়না হৃদয়ালয় হস্পিতালত।

নাৰায়না হস্পিতালত চিকিৎসাধীন অৱস্থাত আবেলি ২ বজাত মৃত্যু হয় বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ৷ সন্ধিয়া প্ৰয়াত প্ৰাক্তন বিধায়কগৰাকীৰ মৃতদেহ চেঙাৰ ফুলবাৰীস্থিত বাসগৃহত অনাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। অসংখ্য গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে  প্ৰয়াত খানৰ বাসগৃহত   ভিৰ কৰে।  ১৯৯১চনত নিৰ্দলীয় আৰু ২০০৬ চনত অগপৰ প্ৰাৰ্থী হিচাপে চেঙা সমষ্টিৰ পৰা  বিধায়ক হিচাপে  নিৰ্বাচিত হৈছিল খান।

১৯৮০ চনত সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি গৰীৱৰ বন্ধু হিচাপে পৰিচিতি লাভ কৰিছিল লিয়াকৎ আলী খানে। দুবছৰ পূৰ্বে বিজেপিত যোগদান কৰি মৃত্যুৰ সময়লৈকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ দায়িত্বত আছিল প্ৰয়াত লিয়াকৎ আলী খান৷

বৃহস্পতিবাৰে দিনৰ ১ঃ৩০ বজাত মাদ্ৰাছা চেন্টাৰৰ ওচৰত থকা খেলপথাৰত জানাজা নামাজ সম্পন্ন হ'ব বুলি জানিব পৰা গৈছে। মৃত্যুৰ সময়ত পত্নীসহ খানে দুগৰাকী পুত্ৰ এৰি থৈ যায়। এসময়ৰ  সংখ্যালঘু আন্দোলনৰ সৈতে জড়িত তথা নামনি অসমৰ অবিসম্বাদী নেতা হিচাপে পৰিচিত লিয়াকৎ আলী খানৰ মৃত্যুক লৈ চেঙা অঞ্চলত শোকৰ ছাঁ পৰিছে।

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা হাজো সমষ্টিৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইনে মুকালমুৱাত প্ৰাক্তন বিধায়ক লিয়াকত আলী খানক শেষ শ্ৰদ্ধা জনাই গভীৰ শোক প্ৰকাশ কৰে। বিভিন্ন দল সংগঠনৰ উপৰি বৰপেটা জিলা অগপৰ উপ-সভাপতি ৰবিউল হুছেইন, চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই লিয়াকৎ আলী খানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in