মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভঃ লেটেকুপুখুৰীক পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰলৈ আহ্বান

মহাপুৰুষ মাধৱদেৱৰ জন্মস্থানৰ মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভঃ লেটেকুপুখুৰীক পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিবলৈ চৰকাৰলৈ আহ্বান

ডিজিটেল সংবাদ নাৰায়ণপুৰ: মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ জন্মস্থানৰ মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হয় । জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কীৰ্ত্তন ঘৰত গুৰু আসন প্ৰতিস্থা কৰাৰ অন্তত নাম-কীৰ্ত্তন কৰি মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে । অনুস্থানটিত অঞ্চলটোৰ যথেষ্ট সংখ্যক ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে পুৰণি মনিকুট গৃহটিৰ স্থানত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা গৃহটিৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা আনটাইড ফাণ্ডৰ অধীনত অনুমোদন দিয়া হৈছে ২৫ লাখ টকা । প্ৰায় ৫০ লাখ টকাৰ বাজেট গ্ৰহণ কৰি আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ লোৱা মনিকুট গৃহটিৰ নিৰ্মাণত লাগিবৰ বাবে সদাশয় ভকত-বৈষ্ণৱৰ পৰা সহায়-সহযোগতীতা বিচাৰিছে শ্ৰীশ্ৰী মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিয়ে ।

কোনো সদাশয় ভকত-বৈষ্ণৱে যদি দান-বৰঙণি আগবঢ়াব বিছাৰে তেন্তে পৰিচালনা সমিতিৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ সভাপতি জনাৰ্দনদেৱ গোস্বামীয়ে আহ্বান জনাইছে । আনহাতে শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য বহাৰপো শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীক দেশী-বিদেশী পৰ্যটনৰ আকৰ্ষণৰস্থলী হিচাপে গঢ়ি তুলিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী আৰু প্ৰধান সম্পাদক মুহিৰাম শইকীয়াই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in