শেহতীয়া খবৰ
নিজামুদ্দিন মাৰ্কাজৰ তবলিগি জামাতঃ আৰক্ষীয়ে বৃহস্পতিবাৰে ৫৩৬ বিদেশী নাগৰিকৰ বিৰুদ্ধে দাখিল কৰিব ১২খন চাৰ্জশ্বীট • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫৩৪ জনলৈ বৃদ্ধি • অৱসৰপ্ৰাপ্ত জিলা আৰু চেচন ন্যায়াধীশ ইছমাইল হুছেইন মল্লিকৰ পৰলোকপ্ৰাপ্তি • নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ব্যাপক ভূমিস্খলন, আতংকিত ৰাইজ • কৃষ্ণাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • এজন নহয়, অসমলৈ বিমানযোগে অহা ২ জন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ... • ৰাজ্যত আৰু ৯জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • সৰ্থেবাৰীৰ পাৰাহকুছি-বতিয়াত বন্যাক্ৰান্তৰ হাহাকাৰ, সৰ্থেবাৰী-টিহু সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানীঃ যাতায়াত বিচ্ছিন্ন • ধনশিৰিত প্ৰথম বাৰৰ বাবে দুগৰাকী মহিলাসহ ১২ গৰাকী কোভিড ১৯ পজিটিভ

লিডুত ডাম্পাৰ চালকৰ দৌৰাত্ম, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

43

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ গুৰু গোসাই নমনা একাংশ ডাম্পাৰ চালকৰ বাবে লিডুত এতিয়া সঘনাই সংঘটিত হবলৈ ধৰিছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷ দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত নিহত হ’ব লগা হৈছে সাধাৰণ ৰাইজ৷ ইয়াৰ পাছতো নিৰৱ ভুমিকাত স্থানীয় আৰক্ষী-প্ৰশাসন৷ যাৰ বাবে মঙলবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী।

লিডুৰ বিৰলাগেটস্থিত ৩৮ নং ৰাষ্টীয় ঘাইপথত টায়াৰ জ্বলাই সংগঠনটোৱে এক বিক্ষোপ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ দাবী ডাম্পাৰ চালকৰ দৌৰাত্ম শীঘ্ৰেই বন্ধ কৰাৰ৷ নহলে সংগঠনটোৱে হাত সাৱটি বহি নাথাকে বুলিওঁ হুংকাৰ প্ৰদান কৰে৷ উল্লেখ্য যে, সোমবাৰে নিশা বৰগোলাইত ডাম্পাৰৰ খুন্দাত এজন যুৱক থিতাতে নিহত হ’ব লগা হোৱা ঘটনাই সমগ্ৰ এলেকাটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি