এসপ্তাহ ধৰি সন্ধানহীন লাহোৱাল মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৰিচা শৰ্মা, অপহৰণৰ সন্দেহ পৰিয়ালৰ…

এসপ্তাহ ধৰি সন্ধানহীন লাহোৱাল মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৰিচা শৰ্মা, অপহৰণৰ সন্দেহ পৰিয়ালৰ…

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ৰ লাহোৱালত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। যোৱা প্ৰায় এসপ্তাহ ধৰি সন্ধানহীন হৈ আছে লাহোৱাল মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৰিচা শৰ্মা। কেইবাদিনো ধৰি যোগাযোগ স্থাপন কৰিব নোৱাৰাত পৰিয়ালৰ লোকে ইতিমধ্যে লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানৰলৈকে আৰক্ষীয়ে অধ্যাপিকাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই।

ইফালে অধ্যাপিকাগৰাকীক পৰিয়ালৰ লোকে অপহৰণৰ সন্দেহ কৰিছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যে, অধ্যাপিকাগৰাকী সন্ধানহীন হোৱাৰ পাছত যোৱা ২০ আগষ্টত এটা অজ্ঞাত নম্বৰৰ পৰা ফোন কৰি অপহৰণৰ কথা পৰিয়ালক জনোৱা হৈছিল। এই ফোনকলৰ পাছতে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে, ডিব্ৰুগড়ৰে এজন যুৱকে অধ্যাপিকাগৰাকীক অপহৰণৰ কৰাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰিছিল আৰু এই অপহৰণকাণ্ডৰ সৈতে এই যুৱকজনৰ পৰিয়ালো জড়িত আছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অধ্যাপিকা ৰিচা শৰ্মাক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in