উত্তৰহীনঃ নৈতিক দায়িত্ব স্বীকাৰ কৰি লেবানন চৰকাৰৰ পদত্যাগ…

উত্তৰহীনঃ নৈতিক দায়িত্ব স্বীকাৰ কৰি লেবানন চৰকাৰৰ পদত্যাগ…

ডিজিটেল ডেস্কঃ লেবাননৰ বেইৰুটত হোৱা ভয়ংকৰ বিস্ফোৰণৰ পাছত এতিয়া উত্তৰহীন চৰকাৰ। ভয়ংকৰ এই ঘটনাৰ প্ৰকৃত কাৰন ব্যাখ্যা কৰিব নোৱাৰি সোমবাৰে চৰকাৰ ভংগৰ ঘোষণা কৰে। প্ৰধানমন্ত্ৰী হাছান ডাবে এই কথা ইতিমধ্যে সদৰি কৰিছে।

উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ পাছত লেবাননত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল সাধাৰণ লোকে। প্ৰতিবাদকাৰীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘাত আৰু চৰকাৰৰ পদত্যাগৰ দাবীৰ পিছতে অনুষ্ঠিত কেবিনেট বৈঠকত পদত্যাগৰ বাবে সিদ্ধান্ত লোৱা হয়। অধিকাংশ মন্ত্ৰীয়ে বিস্ফোৰণৰ প্ৰতি নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবেই লেবানন চৰকাৰৰ পদত্যাগ প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in