ভাৰতকো কপাঁব পাৰে লেবাননৰ দৰে ভয়ংকৰ বিস্ফোৰণে…

ভাৰতকো কপাঁব পাৰে লেবাননৰ দৰে ভয়ংকৰ বিস্ফোৰণে…

লেবাননৰ দৰে ভয়ংকৰ বিস্ফোৰণে কঁপাব পাৰে ভাৰতবৰ্ষকো। কিয়? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…

যোৱা ৪ আগষ্টত হোৱা ভয়ংকৰ বিস্ফোৰণে কপাঁই গৈছিল লেবাননৰ ৰাজধানী বেইৰুট। অতি বিধ্বংসী এই বিস্ফোৰণত ১৫০গৰাকী লোক নিহত হোৱাৰ লগতে আহত হৈছিল ৫হাজাৰো অধিক লোক। প্ৰায় ৩লাখৰো অধিক লোকৰ ঘৰ এই বিস্ফোৰণত ক্ষতিগ্ৰস্ত হৈছিল। বহুকেইটা সুবিশাল অট্টালিকা ভাঙি থান-বান হোৱা এই বিস্ফোৰণে কপাঁই গৈছিল বিশ্ববাসীৰ বুকু।

বুকু কঁপি উঠা লেবাননৰ সেই দৃশ্য

বেইৰুটৰ এই বিস্ফোৰণৰ ভয়ংকৰ শব্দ ২০০কিঃমিঃ আতৰলৈকে শুনা গৈছিল। নিমিষতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই বিস্ফোৰণৰ দৃশ্য দেখি বহুতে ইয়াৰ তুলনা হিৰোচিমা, নাগাচাকিৰ সৈতেও কৰিছে। জাৰ্মানীৰ ভূকম্পন বিভাগে জাৰি কৰা অনুসৰি এই বিস্ফোৰণৰ সময়ত ৩.৫প্ৰাৱল্যৰ ভূমিকম্পৰ সৃষ্টি হৈছিল।

♦️ কিয় হবলৈ পালে এনে ভয়ংকৰ বিস্ফোৰণঃ

বেইৰুটত হোৱা এই ভয়ংকৰ বিস্ফোৰণ কোনো সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰা নাছিল। এই ভয়ংকৰ ঘটনাৰ বাবে দৰাচলতে দায়ী লেবানন। বেইৰুট চহৰৰ মাজভাগত থকা এটা গুদামৰ পৰাই এই বিস্ফোৰণ সংঘটিত হৈছিল। বিস্ফোৰণ হোৱাৰ কিছুসময়ৰ পাছতে পোহৰলৈ আহে যে, এই গুদামটোত দুই হাজাৰ সাতশ পঞ্চাছ টন এমনিয়াম নাইট্ৰেডেৰে ভৰ্তি হৈ আছিল। এই এমনিয়াম নাইট্ৰেডেই কাল হল লেবাননৰ বেইৰুটবাসীৰ বাবে।

♦️ কিয় আৰু কেতিয়াৰ পৰা ৰখা হৈছিল এই এমনিয়াম নাইট্ৰেডখিনিঃ

আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ২০১৪ চনৰে পৰাই এই গুদামটোত চৰকাৰে জব্দ কৰি ৰাখিছিল এই বিশাল পৰিমাণৰ এম'নিয়াম নাইট্ৰেড খিনি। এখন জাহাজেৰে এই বিস্ফোৰকখিনি অনা হৈছিল লেবাননৰ বেইৰুট চহৰলৈ। যিখন জাহাজত এই বিস্ফোৰকখিনি অনা হৈছিল সেই জাহাজখনৰ কেপ্তেইন Boris Prokoshevয়ে শেহতীয়াকৈ মুখ খুলিছে।

জাহাজেৰে ২০১৪চনতে অনা হৈছিল বিস্ফোৰক এমনিয়াম নাইট্ৰেড

কেপ্তেইনগৰাকীয়ে সদৰি কৰা অনুসৰি, ৰুচিয়াৰ এখন কাৰ্গৌ জাহাজেৰে এই বিশাল পৰিমাণৰ এম'নিয়াম নাইট্ৰেডখিনি অনা হৈছিল। যদিও অন্তিম পৰ্যায়ত এই বিস্ফোৰকখিনি বেইৰুটতে নমোৱা হৈছিল, আচলতে এই সকলোবোৰ নিয়াৰ কথা আছিল জৰ্জিয়া আৰু মঞ্জাৱিকলৈ। কিন্তু তেনে সময়তে এই বিস্ফোৰকখিনি লেবাননে জব্দ কৰি জমা কৰি ৰাখিছিল বেইৰুটৰ মাজভাগৰ এটা গুদামত।

কেপ্তেইনগৰাকীয়ে লগতে কয়, এম'নিয়াম নাইট্ৰেডখিনি কঢ়িয়াই অনা জাহাজখনৰ মালিকৰ নাম আছিল Igor Grechushkin। Rustavi Azot LLC নামৰ এটা প্ৰতিষ্ঠানে এই বিস্ফোৰকখিনি বিক্ৰী কৰিছিল। বিগত ৭টা বছৰ এই বিস্ফোৰকখিনিক লৈ আইনী কাম-কাজ চলি আছিল যদিও কোনো সমাধানৰ পথ ওলোৱা নাছিল।

♦️ এমনিয়াম নাইট্ৰেড কিঃ

এম'নিয়াম নাইট্ৰেড হৈছে এবিধ গোন্ধহীন ৰাসায়নিক পদাৰ্থ। এম'নিয়াম নাইট্ৰেড সাধাৰণতে খেতিত সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। নিমাৰ্ণ অথৱা খনন কাৰ্যত বিস্ফোতক হিচাপেও ব্যৱহাৰ কৰা হয় এম'নিয়াম নাইট্ৰেডক। এম'নিয়াম নাইট্ৰেডত জুই লাগিলে বিস্ফোৰণ হয় আৰু ইয়াৰ পৰা অতি বিষাক্ত গেছ-নাইট্ৰজেন অক্সাইড আৰু এম'নিয়া গেছ নিৰ্গত হয়। তাপমাত্ৰা আৰু কেতিয়াবা অন্য কোনো কেমিকেলৰ সৈতে সংমিশ্ৰণ হলেও বিস্ফোৰণ হয় এম'নিয়াম নাইট্ৰেড।

♦️ ভাৰতত ২০১১চনৰ পৰা এম'নিয়াম নাইট্ৰেড নিষিদ্ধঃ

২০১১চনত মুম্বাইৰ জাবেৰী বজাৰত হোৱা বিস্ফোৰণৰ পাছত ভাৰতবৰ্ষত এমনিয়াম নাইট্ৰেডক বিস্ফোৰক পদাৰ্থ হিচাপে ঘোষণা কৰা হয়। বিস্ফোৰক অধিনিয়ম-১৮৮৪ৰ অধীনত এমনিয়াম নাইট্ৰেডক ভাৰত চৰকাৰে বিস্ফোৰক হিচাপে ঘোষণা কৰাৰ লগতে ইয়াৰ বিক্ৰীৰ ক্ষেত্ৰতো নিষিদ্ধতা আৰোপ কৰিছিল।

গোন্ধহীন এমনিয়াম নাইট্ৰেড

দেশৰ উদ্যোগিক মন্ত্ৰণালয়ে লগতে সদৰি কৰিছিল যে, দেশত বিক্ৰী হোৱা যিকোনো ৰাসায়নিক পদাৰ্থত যদি ৪৫শতাংশতকৈ অধিক এমনিয়াম নাইট্ৰেডৰ উপস্থিতি পোৱা যায় তেন্তে তেনে পদাৰ্থক বিস্ফোৰক পদাৰ্থ হিচাপে গণ্য কৰা হব। ২০১১চনৰ আগলৈকে ভাৰতত এমনিয়াম নাইট্ৰেডক কেৱল খেতিৰ উৰ্বৰক হিচাপেহে ব্যৱহাৰ কৰা হৈছিল।

ভাৰতৰ কেইবাটাও বোমা বিস্ফোৰণত এমনিয়াম নাইট্ৰেডক বিস্ফোৰক হিচাপে ব্যৱহাৰ কৰিছে। বাৰাণসী, মালেগাঁও, দিল্লী হাইকৰ্ট, হাইদৰাবাদ, পুুণে আৰু বুদ্ধগয়াত সংঘটিত হোৱা বিস্ফোৰণত ব্যৱহাৰ কৰা হৈছিল এমনিয়াম নাইট্ৰেডক।

♦️ ভাৰততো আছে এমনিয়াম নাইট্ৰেডৰ বিশাল ভাণ্ডাৰঃ

লেবাননত এম'নিয়াম নাইট্ৰেডৰ পৰা হোৱা ভয়ংকৰ বিস্ফোৰণৰ পাছতে শেহতীয়াকৈ চৰ্চালৈ আহিছে ভাৰতত থকা এটা গুদাম। চেন্নাইত থকা এই গুদামটোত জমা হৈ আছে ৭০০টন এম'নিয়াম নাইট্ৰেড। ২০১৫চনৰ পৰাই জব্দ কৰি ৰখা এই এম'নিয়াম নাইট্ৰেড খিনিও যিকোনো সময়ত ভাৰতৰ বাবে হব পাৰে এক বৃহত ট্ৰেজেদী।

প্ৰায় ৭০০টন এম'নিয়াম নাইট্ৰেডখিনিক লৈ শেহতীয়াকৈ চিন্তাব্যক্ত কৰিছে দেশৰ কেইবাগৰাকীও বৈজ্ঞানিকে। ১.৮০কোটি মূল্যৰ এই এম'নিয়াম নাইট্ৰেড খিনিয়েও এটা সামান্যভুলৰ বাবেই চাৰখাৰ কৰি দিব পাৰে চেন্নাই চহৰ। কিন্তু ২০১৫চনৰে পৰা এই বিস্ফোৰক খিনিক লৈ কেৱল আলোচনাহে চলি আহিছে।

ভাৰততো জমা কৰি ৰখা হৈছে বিশাল পৰিমাণৰ এমনিয়াম নাইট্ৰেড

লেবাননৰ ভয়ংকৰ বিস্ফোৰণৰ পাছত পুনৰ চৰ্চা হৈছে যে, এনেদৰে বিশাল পৰিমাণৰ এম'নিয়াম নাইট্ৰেড মজুত কৰি ৰখাটো অতি ভয়ংকৰ কথা। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে, এই বিশাল পৰিমাণৰ বিস্ফোৰকখিনি সম্পূৰ্ণৰূপে সুৰক্ষিত অৱস্থাত আছে। পূৰ্বে প্ৰকাশিত খবৰ অনুসৰি, এই এম'নিয়াম নাইট্ৰেডখিনি ২০১৫চনত সীমা শুল্ক বিভাগে জব্দ কৰিছিল।

যদিও ভাৰতত বিশাল পৰিমাণৰ এম'নিয়াম নাইট্ৰেডখিনি সম্পূৰ্ণ সুৰক্ষিত আৰু বিপদমুক্ত হৈ আছে বুলি দাবী কৰিছে। দৰাচলতে এনে বিস্ফোৰক পৰ্দাথ বিশাল পৰিমাণে মজুত ৰাখি ইয়াৰ ফল বহুকেইখন উন্নত ৰাষ্ট্ৰই ভোগ কৰিছে।  ২০১৩চনত আমেৰিকা টেক্সাছত হোৱা এনে বিস্ফোৰণত ১৫গৰাকী, ২০০১চনত ফান্সত এম'নিয়াম নাইট্ৰেডৰ পৰাই সূত্ৰপাত হোৱা বিস্ফোৰণে ৩১গৰাকীকৈ লোকৰ প্ৰাণ লৈছিল। গতিকে এই সমূহ ঘটনালৈ লক্ষ্য ৰাখি ভাৰতো সাৱধান হৈ থকাটো খুবেই প্ৰয়োজন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in