প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰথম মৃত্যু বাৰ্ষিকী…

প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ প্ৰথম মৃত্যু বাৰ্ষিকী…

ডিজিটেল ডেস্কঃ প্ৰাক্তন বিদেশী মন্ত্ৰী সুষমা স্বৰাজৰ বৃহস্পতিবাৰ অৰ্থাৎ ৬ আগষ্ট, ২০২০ত প্রথমটো মৃত্যু বাৰ্ষিকী। বৃহস্পতিবাৰে তেওঁৰ মৃত্যু বাৰ্ষিকীত দেশৰ বহু জ্যেষ্ঠ নেতা-নেত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে দেশৰ উন্নতিত সুষমা স্বৰাজৰ অৱদানক স্মৰণ কৰে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্রধানমন্ত্ৰী মোডীৰ প্রথমটো কাৰ্যকালত বিদেশ মন্ত্ৰী ৰূপে তেওঁ বহু কাম কৰিছিল।

ইফালে, বিজেপিৰ অধ্যক্ষ জে পি নড্ডাই টুইটাৰত লিখিছে- 'প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, সৰলতাৰ প্ৰতিমূৰ্তি, পদ্ম বিভূষণ শ্ৰীমতী সুষমা স্বৰাজক তেওঁৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।' সুষমা স্বৰাজক জনতাৰ নেত্ৰী বুলি আখ্যা দি নড্ডাই লগতে কয় যে, তেওঁ সদায় জনতাৰ সেৱাকে প্রাধান্যতা দিছিল। বিদেশী মন্ত্ৰী এছ জয়শংকৰেও সুষমা স্বৰাজক 'প্ৰেৰণা' বুলি আখ্যা দি কয় যে, 'আজি তেওঁৰ বহুত মনত পৰিছে।'

উল্লেখ্য যে, প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজৰ ২০১৯চনৰ ৬ আগষ্টত মৃত্যু হৈছিল। হৃদযন্ত্ৰজনিত কাৰণত ৬৭ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে, সুষমা স্বৰাজৰ কন্যা বাঞ্চুৰী স্বৰাজে টুইটাৰত লিখিছে- 'মা, তুমি সদায় মোৰ সৈতে মোৰ শক্তি হৈ থাকিবা। হে কৃষ্ণ মোৰ মাক ভালকৈ ৰাখিবা।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in