আইনৰ ছাত্ৰীৰ অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইল কৰিছিল বিজেপি নেতাই…

আইনৰ ছাত্ৰীৰ অশ্লীল ভিডিঅ’ বনাই ব্লেকমেইল কৰিছিল বিজেপি নেতাই…

ডিজিটেল ডেস্কঃ বিজেপি নেতা চিন্ময়ানন্দৰ বিপদ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে। নেতাজনৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু বালাৎকাৰৰ অভিযোগৰ সন্দৰ্ভত আৰু বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে নিৰ্যাতিতা এগৰাকী ছাত্ৰীয়ে।

বিশেষ তদাৰকী গোটৰ সন্মুখত চকু কপালত উঠা ভাষ্য প্ৰদান কৰিছে নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে। গা-ধুৱাৰ সময়ত ভিডিঅ' বনাই ব্লেকমেইল কৰিছিল বিজেপি নেতাজনে। হোষ্টেলত গা-ধুই থকা সময়ত নিৰ্যাতিতাৰ এটা ভিডিঅ' বনাই তাকে আধাৰ ৰূপত লৈ এবছৰ ধৰি বলাৎকাৰ কৰিছিল বিজেপি নেতাগৰাকীয়ে।

কেইবাবাৰো বন্দুকেৰে লৈ ভয় দেখুৱাইও শাৰিৰীক সম্পৰ্ক স্থাপন কৰিছিল চিন্ময়ানন্দই। নহ'লে সেই অশ্লীল ভিডিঅ' ৰাজহুৱা কৰি দিয়াৰ হুমকি দিছিল তেওঁ। আনকি শাৰিৰীক সম্পৰ্ক স্থাপনৰ সময়তো তেওঁ ভিডিঅ' শ্বুট কৰিছিল।

ছাত্ৰীগৰাকী থকা হোষ্টেলটো অভিযুক্ত নেতাজনৰ ঘৰৰ সন্মুখতে থকাৰ সূত্ৰে এলএলএমৰ ছাত্ৰীগৰাকীৰ এই সুযোগ লৈছিল বিজেপি নেতাগৰাকীয়ে। তেওঁ লগতে কয় যে, এল এল এমৰ নামভৰ্তিৰ কাৰণে বিজেপি নেতাজনৰ কাষ চাপিছিল ছাত্ৰীগৰাকী। ইতিমধ্যে তদন্তকাৰী গোটে ছাত্ৰীগৰাকী বাস কৰা হোষ্টেলৰ কোঠাটো নিৰীক্ষণ কৰিছে। ছাত্ৰীগৰাকীক ভাবুকি দি মেছেজো কৰাইছিল বিজেপি নেতাগৰাকীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত ফৰেনচিক বিশেষজ্ঞই তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in