অসম কন্যাৰ জয়যাত্ৰা,  ইটালীৰ প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি লাভলিনাৰ স্বৰ্ণ পদক…

অসম কন্যাৰ জয়যাত্ৰা, ইটালীৰ প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি লাভলিনাৰ স্বৰ্ণ পদক…

ডিজিটেল ডেস্কঃ ৰিঙত নামি প্ৰতিপক্ষৰ প্ৰচণ্ড ঘোচা সহ্য কৰি ডিঙিত মেডেল পিন্ধাতো ইমান সহজ নহয়। কিন্তু অসম কন্যা লাভলিনা বৰগোহাঁয়ে এই কঠিন কামকে অতি সহজ কৰি ৰাছিয়াত আজুৰি আনিলে স্বৰ্ণ পদক। ৰাছিয়াৰ কাছপিস্কত অনুষ্ঠিত হোৱা মাগোথেড ছালাম উমাগান'ভ সোঁৱৰণী আন্তৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত ৬৯ কেজি শাখাৰ ফাইনেলত ৩-২ পউন্টৰ ব্যৱধানত ইটালীৰ শক্তিশালী প্ৰতিন্বন্দ্বী আছুন্টা কনফোৰাক পৰাস্ত কৰি স্বৰ্ণ পদক পদক ।

উল্লেখ্য যে, পূৰ্বৰ ইণ্ডিয়ান অপেন ফাইনেলত আছুন্টা কনফোৰাৰ হাতত ২-৩ পইন্টত পৰাস্ত হৈছিল লাভলিনা। অসম কন্যাৰ এই এই সাফল্যত অভিনন্দন জ্ঞাপন কৰিছে অসম বক্সিং সন্থাই।

উল্লেখ্য যে, এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে ২ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। লাভলিনাৰ উপৰি ভাৰতৰ দ্বিতীয়টো স্বৰ্ণ পদক জয় কৰে পুৰুষৰ ৫৭ ক্জি শাখাত নীৰজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in