শেহতীয়া খবৰ
ধিক মানৱতা ! বাইকেৰে আহি পেলাই থৈ গ'ল নৱজাতক কন্যা সন্তান...  •  কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট

এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিব লাভলিনা বৰগোঁহায়ে…

100

ডিজিটেল ডেস্কঃ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিব বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে অসস কন্যা বক্সাৰ লাভলিনা বৰগোঁহায়ে। অহা ২১ মে’ৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ দেশৰ তাৰকা এম চি মেৰী কমেও অংশ গ্ৰহণ কৰিব।

চেম্পিয়নশ্বিপত ৬৯ কিল’গ্ৰাম শাখাত অসম কন্যা গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সমান্তৰালভাৱে ৫১ কিল’গ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মেৰী কমে।

উল্লেখ্য যে, অসম কন্যা লাভলিনাই ইতিপূৰ্বে বিশ্ব বক্সিং টুৰ্ণামেন্টত দুটাকৈ ব্ৰঞ্জৰ পদক দখল কৰি খিতাপ অৰ্জন কৰিছিল। এইবাৰ পুনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত নিজকে খিতাপৰ দাবীদাৰ হিচাপে প্ৰতিপন্ন কৰিব। চেম্পিয়নশ্বিপত ভাৰতৰ হৈ পূজা ৰাণী আৰু চিমৰণজিৎ কৌৰেও অংশগ্ৰহণ কৰিব। ইয়াৰ উপিৰও আটাইকেইগৰাকীয়ে টকিঅ’ত অনুষ্ঠিত মহিলা বক্সিঙতো অংশগ্ৰহণ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি