অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে প্ৰথমগৰাকী তৃতীয় লিংগৰ খেলুৱৈয়ে…

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে প্ৰথমগৰাকী তৃতীয় লিংগৰ খেলুৱৈয়ে…

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে প্ৰথমগৰাকী তৃতীয় লিংগৰ খেলুৱৈয়ে…

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলিটে। নিউজিলেণ্ডৰ ভাৰত্তোলক ল'ৰেল হাবাৰ্ড টকিঅ'লৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ এথলিট হিচাপে পৰিগণিত হৈছে।

জন্মতে ল'ৰা হিচাপে জন্মগ্ৰহণ কৰা ল'ৰেল হাবাৰ্ডে ৩০ বছৰ বয়সত নিজকে মহিলালৈ পৰিবৰ্তন কৰিছিলে। এইগৰাকী ল'ৰেল হাবাৰ্ডেই ভাৰত্তোলনৰ ৮৭ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। নিউজিলেণ্ডৰ অলিম্পিক বিষয়ববীয়াসকলে এক অতি স্পৰ্শকাতৰ তথা জটিল বিষয়ত জনোৱা আহ্বানৰ পাছতে ল'ৰেল হাবাৰ্ডে অলিম্পিকলৈ যোৱাৰ বাট মুকলি হয়।

নিউজিলেণ্ডৰ অলিম্পিক কমিটিৰ মূৰব্বী কেৰেয়ান স্মিথে কই যে, ল'ৰেলে তৃতীয় লিংগৰ এথলিটৰ বাবে প্ৰয়োজনীয় সকলো যোগ্যতা অৰ্জন কৰিছে। তেওঁ কই, আমি স্বীকাৰ কৰো যে, খেলত লিংগ পৰিচয় এক অতি স্পৰ্শকাতৰ তথা জটিল বিষয় আৰু ইয়াত মানুহৰ অধিকাৰ তথা খেলপথাৰৰ স্বচ্ছতাৰ মাজত সন্তুলনৰ প্ৰয়োজন।

উল্লেখ্যে যে পুৰুষ হিচাপেও বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণৰ কৰা ল'ৰেল হাবাৰ্ডে অলিম্পিক কমিটিয়ে বিচৰা টেষ্ট'টেৰিয়ান স্তৰৰ পৰীক্ষাৰ ফলাফল প্ৰদৰ্শনৰ পাছত এগৰাকী মহিলা হিচাপে ভাৰত্তোলনত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in