পৰ্যটকৰ বাবে মুকলি হ’ল লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

পৰ্যটকৰ বাবে মুকলি হ’ল লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য

ডিজিটেল সংবাদ, চামগুৰিঃ শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য। লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ মুখ্য দ্বাৰত পোন প্ৰথমে নাৰিকল ভাঙে মুখ্য বন্যপ্ৰাণী তত্বাৱধায়ক টি ভি ৰেড্ডীয়ে আৰু ইয়াৰ পাছতেই অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এ এম সিঙে ফিটা কাটি শুভ উদ্বোধন কৰে লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনৰ। অনুষ্ঠানত সমল ব্যক্তি হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ লগতে কেইবাগৰাকীও শীৰ্ষ বন বিষয়া উপস্থিত থাকে।

উল্লেখ্য যে, এইবাৰ পৰ্যটকৰ বাবে অভয়াৰণ্যখন মুকলি কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষই পোন প্ৰথম বাৰৰ বাবে ব্ৰহ্মপুত্ৰৰ বালি টাপুত লাওখোৱা-বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ বাবে এটা অস্থায়ী শিৱিৰ স্থাপন কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। লগতে আগন্তুক দিনত "বুঢ়াচাপৰি শীতকালীন উৎসৱ" পাতি পৰ্যটকক বিশেষভাৱে আৰ্কষিত কৰাৰো পৰিকল্পনা কৰাৰ উপৰিও কেইবাটাও নতুন পদক্ষেপেৰে পৰ্যটকক আৰ্কষণ কৰাৰ বিশেষ চেষ্টা হাতত লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in