প্ৰয়াত সাংবাদিক তাজুদ্দিনৰ পুত্ৰৰ শিক্ষাৰ দায়িত্ব ল’লে মাৰ্কজুল মা আৰিফে….VIDEO

প্ৰয়াত সাংবাদিক তাজুদ্দিনৰ পুত্ৰৰ শিক্ষাৰ দায়িত্ব ল’লে মাৰ্কজুল মা আৰিফে….VIDEO

ডিজিটেল সংবাদ, হোজাইঃ মোৰাঝাৰৰ সদ্য প্ৰয়াত জ্যেষ্ঠ সাংবাদিক তাজুদ্দিন আহমেদৰ একমাত্ৰ পুত্ৰ ছাজিদ আহমেদৰ শিক্ষাৰ দায়িত্ব ল'লে হোজাইস্থিত মাৰ্কজুল মা আৰিফে। আজমল ফাউণ্ডেচনৰ জন সেৱামূলক পুজিঁ লাভ কৰা স্বতন্ত্ৰৰীয়া শৈক্ষিক সংস্থা মাৰ্কজুলৰ তত্বাৱধানত পৰিচালিত বিদ্যালয়ৰ বৰ্তমানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাজিদ আহমেদক দশম শ্ৰেণী পৰ্যন্ত বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিব শৈক্ষিক সংস্থাটোৱে। সোমবাৰে হোজাইৰ সাংবাদিকৰ দল এটাক মাৰ্কজুল মা আৰিফৰ সভাপতি ড০ চামচুল হক চৌধুৰী আৰি সাধাৰণ সম্পাদক খলিলুল ৰহমান লস্কৰে এই প্ৰতিশ্ৰুতি প্ৰদান কৰে। সাংবাদিকৰ দলটোৰ অনুৰোধমৰ্মেই মাৰ্কজুলৰ কৰ্তৃপক্ষই এনে সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, কণমাণি ছাজিদ আহমেদৰ শৈক্ষিক ভৱিষ্যৎ সন্দৰ্ভত উদ্বিগ্ন হোজাইৰ সাংবাদিকৰ দলটোৱে বিদ্যালয়খনত পঢ়ি থকা ছাত্ৰগৰাকীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণৰ অনুৰোধ জনাবলৈ মাৰ্কজুল একাডেমীৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰাৰ সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰ্যন্ত এই দায়িত্ব গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। হোজাইৰ সাংবাদিক আব্দুল কাদিৰ, জমিৰউদ্দিন আহমেদ, জিৱজুৰ ৰহমান আৰু পঞ্চায়ত সদস্য আইনুল হক, আব্দুল আহাদ তথা মাৰ্কজুলৰ পৰাই প্ৰকাশিত 'জ্ঞান সম্ভাৰ' নামৰ আলোচনীখনৰ সহকাৰী সম্পাদক মছতাক আহমেদ চৌধুৰীয়ে এই অনুৰোধ লৈ মাৰ্কজুলৰ কৰ্তৃপক্ষক সাক্ষাৎ কৰিছিল।

দলটোৱে ইয়াৰ পিচত আজমল ফাউণ্ডেচনৰ সঞ্চালক ড০ খজৰুল ইচলামৰ সৈতেও মিলিত হোৱাত তেখেতে ফাউণ্ডেচনৰ পৰা যথাসম্ভৱ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মাৰ্কজুলৰ সভাপতি ড০ চামচুল হক চৌধুৰীক সাক্ষাৎ কৰাৰ সময়ত সাংবাদিকৰ দলটোৱে মোবাইল ফোনৰ জৰিয়তেই 'অসমীয়া প্ৰতিদিন'ৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ সৈতে সংযোগ কৰাই দিয়াত বিষয়টো লৈ ফোনযোগেই দুয়ো আলোচনা কৰাৰ লগতে মাৰ্কজুল মা আৰিফে অসমীয়া প্ৰতিদিনৰ মোৰাঝাৰৰ সদ্য প্ৰয়াত সাংবাদিকগৰাকীৰ কণমাণি পুত্ৰৰ ভৱিষ্যৎ শিক্ষাৰ দায়িত্ব মাৰ্কজুল মা আৰিফে গ্ৰহণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in