বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

ডিজিটেল সংবাদ, ছমৰীয়াঃ যোৱা ২৯ নৱেম্বৰত এগৰাকী যুৱ ছাত্ৰ নেতা সদৌ গোলাঘাট জিলা সন্থাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ গণপ্ৰহাৰত হোৱা মৃত্যুক যেন এতিয়াও মানি ল'ব পৰা নাই অসমবাসীয়ে। বৃহস্পতিবাৰে ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ সদগতি কামনা কৰি ছমৰীয়া আঞ্চলিক যুৱক সংঘ প্ৰাঙ্গনত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিত সেৱা জনাই বন্তি প্ৰজ্বলন কৰে ছমৰীয়া সত্ৰৰ প্ৰাক্তন ছাত্ৰ নেতা তথা লোকনিৰ্মান বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা মহত বায়ন দেৱে।

প্ৰাক্তন ছাত্ৰ নেতা মহৎ বায়নে ভাষন প্ৰসংগত কয়ে যে- অনিমেষ ভূঞাৰ মৃত্য অতি কৰুণ কাহিনী। অসমতে এজন অসমীয়া সন্তানক যোৰহাট চহৰৰ মাজমজিয়াত এনেদৰে দলবদ্ধ আক্ৰমণৰ ঘটনা অতি লজ্জাজনক। ছাত্ৰ নেতা মহত বায়নে কয় যে- অনিমেষৰ দৰে এনে জঘন্য কাণ্ড আৰু কাৰো লগতে নহওক আৰু অনিমেষৰ মৃত্যুয়ে শেষ মৃত্যু হওক তাৰেই কামনা কৰিছো। ইয়াৰ পিছতে ছমৰীয়া আঞ্চলিক যুৱক সংঘৰ সভাপতি চন্দন ভৰালীয়ে দুআশাৰ বক্তব্য দিয়ে।

ভৰালী দেৱে কয় যে- অনিমেষ ৰ হত্যাকাণ্ড ই সমগ্ৰ অসমবাসীক শোকত ম্ৰীয়মান কৰিছে।অনিমেষৰ হত্যাকাণ্ড সন্দৰ্ভত ভৰালী দেৱে তাত কৰ্মৰত অৱস্থাত থকা আৰক্ষী বিষয়া দুজনক সমালোচনা কৰে আৰু কয় যে তেওঁলোক দুজনে অনিমেষক বচাব নোৱাৰে কিন্তু ঘটনাটোৰ খবৰ পাই ও ঘটনাস্থলীত বহু পলমকৈ আৰক্ষী উপস্থিত হোৱাৰ কাৰন ও ব্যাখ্যা কৰি কয় যে এজন সাধাৰণ নাগৰিক আৰু এজন মন্ত্ৰীৰ সুৰক্ষা সমান আৰু এজন মন্ত্ৰীক সুৰক্ষা দিয়াৰ বাবে এজন অসমীয়া সন্তানৰ নিৰীহ মৃত্যু দুৰ্ভাগ্যজনক।

ইয়াৰ পিছতে সভাপতি যুগল খাটনিয়াৰে অনিমেষৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় সকলোকে মৌন প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনায় লগতে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন অপৰাধীক দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায় আৰু শেষত জাতীয় সংগীত "অ মোৰ আপোনাৰ দেশ" গীতটি পৰিবেশন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰনি ঘোষণা কৰে।এই অনুস্থানত ছমৰীয়া অঞ্চলৰ বহুকেইজন জ্যেষ্ঠ ব্যক্তি আৰু ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ সমূহ সদস্যবৃন্দ উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in