ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

ডিজিটেল সংবাদ, শ্বিলংঃ অসমৰ কেবাখনো ডনবস্ক' স্কুলৰ অধ্যক্ষৰ গুৰু দায়িত্ব বহন কৰা ফাদাৰ থমাছ থেক্কেকানডমক বুধবাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই।

মঙলবাৰে ৮২ বছৰ বয়সত আগৰতলাত শেষ নিশ্বাস ত্যাগ কৰা ফাদাৰগৰাকীৰ নশ্বৰ দেহ শ্বিলঙৰ গীৰ্জালৈ অনা হয়। তাতেই ফাদাৰ থমাছক শেষ শ্ৰদ্ধা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।

ফাদাৰগৰাকীৰ মৃত্যুত টুইটৰ জৰিয়তেও শোক প্ৰকাশ কৰে কনৰাডে। 'ফাদাৰ থমাছ থেক্কেকানডমলৈ মোৰ শেষ শ্ৰদ্ধা নিবেদিছো। তেওঁৰ আত্মাই শান্তি পাওক। ফাদাৰ আছিল ডিব্ৰুগড় ডন বস্ক'ৰ অধ্যক্ষ, য'ত মোৰ দেউতাই অধ্যায়ন কৰিছিল।'- নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত এইদৰে টুইট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ১৯৭৩-১৯৭৯ চনৰ সময়ছোৱাত গুৱাহাটী ডনবস্ক'ৰো অধ্যক্ষৰ দায়িত্বত আছিল ফাদাৰ থমাছ। টেবুল টেনিছৰ ক্ষেত্ৰখনতো অসমৰ কেবাগৰাকী পেডলাৰক আগুৱাই নিয়াত যথেষ্ট অৰিহণা আগবঢ়াইছিল ফাদাৰগৰাকীয়ে। তেওঁৰ মৃত্যুত অসমৰো বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in