বিশিষ্ট শিল্পী প্ৰভাত শৰ্মাক সেউজ সংঘত শেষ শ্ৰদ্ধাঞ্জলী…

বিশিষ্ট শিল্পী প্ৰভাত শৰ্মাক সেউজ সংঘত শেষ শ্ৰদ্ধাঞ্জলী…

ডিজিটেল ডেস্ক : বিশিষ্ট বাঁহীবাদক, লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মা আৰু নাই ।মঙলবাৰে ৰাতিপুৱা প্ৰায় ৬ বজাত অম্বিকাগিৰী নগৰৰ নিগাজীপামত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে । শুই থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পী গৰাকীয়ে ।মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৬ বছৰ ।

প্ৰভাত শৰ্মা অসমীয়া লোকগীতৰ আৰু সুৰ সাধক আৰু গৱেষক হোৱাৰ লগতে অসমৰ সংগীত জগতত তেওঁ আছিল মহীৰূহ । ভাৰতীয় সংগীতজ্ঞ, বাঁহী বাদক আৰু লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ ১৯৩৫ চনৰ ৭ জুলাইত জন্ম লাভ কৰিছিল । তেওঁ ১৯৬০চনৰ পৰা ১৯৯০ চনৰ শেষচোৱালৈকে অসম চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট কৰ্মৰত আছিল । ১৯৭৩ চনত তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি ১৯৯৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বিশিষ্ট সংগীত শিল্পী গৰাকীয়ে ।

শিল্পী গৰাকীয়ে অসমৰ থলুৱা বাদ্যযন্ত্ৰীক লৈ 'পাঞ্চজন্য শংখধ্বনি' নামৰ এটি সুৰসমলয় দল গঠন কৰিছিল। পিছলৈ ইয়াক 'দেৱগান্ধাৰ' নামেৰে নামকৰণ কৰা হয়। 'ব্লেকমানী', 'সন্তান', 'সন্ধ্যাৰাগ', 'সাৰথি', 'আপোনজন', 'মোহমুক্তি', 'অনল', 'কদমতলে কৃষ্ণ নাচে', 'শ্ৰীমন্ত শঙ্কৰদেৱ ' ইত্যাদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক ৰূপে কাম কৰাৰ উপৰিও দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত প্ৰচাৰিত ধাৰাবাহিক 'পথৰুঘাটে ৰিঙিয়ায়' আৰু 'বৃকোদৰ বৰুৱাৰ বিয়া'ত সংগীত পৰিচালনা কৰিছিল।

২০০১ চনত বিশিষ্ট শিল্পী গৰাকীক অসম চৰকাৰে 'শিল্পী দিৱস বঁটা' প্ৰদান কৰাৰ লগতে অসমীয়া লোকসংগীতৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল লোক সংস্কৃতিৰ সাধক গৰাকীয়ে ।

মঙলবাৰে প্ৰায় ১২ বজাত আৰম্ভ হয় বিশিষ্ট শিল্পী গৰাকীৰ অন্তিম যাত্ৰা । বিশিষ্ট শিল্পী গৰাকীৰ বাসভৱনৰ পৰা অম্বিকাগিৰি সেউজ সংঘলৈ লৈ শিল্পীগৰাকীৰ নশ্বৰ দেহ লৈ অনা হয় । সেউজ সংঘৰ সদস্য সকলৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তইও লোক সংস্কৃতিৰ সাধক গৰাকীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । সেউজ সংঘৰ লগত ওত:প্ৰত ভাবে জড়িত আছিল ।

ইপিনে লোক সংস্কৃতিৰ সাধক গৰাকীৰ নশ্বৰ দেহ শ্বহীদ ন্যাস, ৰবিন্দ্ৰ ভৱন, অনাতাৰ কেন্দ্ৰ, শংকৰদেব কলাক্ষেত্ৰলৈ লৈ যোৱাৰ লগতে এই স্থান সমূহত বিভিন্ন জন গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিব । ইফালে সংগীত জগতৰ মহীৰূহ গৰাকীৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন জনে শোক প্ৰকাশ কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in