মাটিৰ মানুহ মাটিতেই হৈ গ’ল বিলীন : অগণন গুণমুগ্ধৰ উপস্থিতিত শিশু সাহিত্যিক-শিক্ষাবিদ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শেষকৃত্য সম্পন্ন..

মাটিৰ মানুহ মাটিতেই হৈ গ’ল বিলীন : অগণন গুণমুগ্ধৰ উপস্থিতিত  শিশু সাহিত্যিক-শিক্ষাবিদ হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শেষকৃত্য সম্পন্ন..

ডিজিটেল সংবাদ তিনিচুকীয়াঃ বৰ্ণিল সামাজিক জীৱনত অলেখ কৰ্মৰাজিৰ চানেকিৰে সাহিত্য আৰু সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ তথা সাহিত্য অকাডেমী বঁটাপ্ৰাপক হৰেন্দ্ৰনাথ বৰঠাকুৰৰ আজি শেষকৃত্য অগণন গুণমুগ্ধৰ উপস্থিতিত গৃহচহৰ মাকুমৰ ৰাজহুৱা শ্মশানত সম্পন্ন হৈ যায় । বৈদিক মন্ত্ৰ উচ্চাৰণৰ মাজত কনিষ্ঠ পুত্ৰ সীমান্ত বৰঠাকুৰে মুখাগ্নি কৰি চিৰ বিদায় জনায় প্ৰতিথযশা শিশু সাহিত্যিকগৰাকীক।

ইয়াৰ পূৰ্বে বাসগৃহত পুৱা বৈদিক কৰ্ম সম্পন্ন হোৱাৰ পিছতেই তেওঁৰ নশ্বৰদেহ গোপাল কৃষ্ণ বালিকা বিদ্যালয়লৈ অনা হয় । বিদ্যালয়ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত অসম সাহিত্য সভাৰ পতাকাৰে যুগল কিশোৰ কেশান ভৱনত কেন্দ্ৰীয় সমিতিৰ সদস্য ডা০ গিৰীশ সন্দিকৈ, মুখপাত্ৰ ড° অনিল শইকীয়াই শিল্পী সাহিত্যিক গৰাকীক অন্তিম বিদায় জনায়।

তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা, মাকুম সাহিত্য সভাৰ সভাপতি প্ৰদীপ বৰুৱা, বৰহাপজান সাহিত্য সভাৰ সভাপতি চবন ঢেকিয়াল ফুকন , নাট্যপীঠ শিৱসাগৰৰ প্ৰশান্ত শৰ্মা, তিনিচুকীয়া শাখা সাহিত্য সভা, গঙ্গাবিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়, জাতীয় বিদ্যালয় মাকুম, মাকুম প্ৰাথমিক বিদ্যালয়, মাকুম মহিলা আৰু শিশু উন্নয়ন কেন্দ্ৰ, সূৰ্যোদয়, মাকুম প্ৰেছ ক্লাব, সদৌ অসম ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, মাকুম আঞ্চলিক ছাত্ৰ সন্থা, শংকৰদেৱ শিশু নিকেতন মাকুম, চেম্বাৰ্চ অৱ কৰ্মাচ মাকুম, সৌমাৰ বিজ্ঞান আৰু পৰিবেশ সংস্থা, জিলা সাহিত্য সভাৰ গৃহদাতা, মাকুম দুৰ্গাপূজা সমিতি, মাকুম মহাবিদ্যালয় পৰিচালনা সমিতি, মাকুম মহাবিদ্যালয়, মাকুম কণিষ্ঠ মহাবিদ্যালয়, মাকুম মিউজিক একাডেমী, সুভাষ নগৰ প্ৰাথমিক বিদ্যালয়, মাকুম ৰে'লৱে হাইস্কুল, মাকুম আঞ্চলিক মৰাণ ছাত্ৰ সন্থা, মাকুম আঞ্চলিক চাহ জনজাতি ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি, জেনিথ পাঠশালা, তিনিচুকীয়া এ এন এম সন্থা, জ্ঞানোদয় জাতীয় বিদ্যালয়, শংকৰী কলা-কৃষ্টি চৰ্চা মঞ্চ, নগাঁও উচ্চ মাধ্যমিক বিদ্যালয়, মাকুম পূৰ্বাঞ্চল পেঞ্চন সন্থা, নগাওঁ সাৰ্বজনীন নামঘৰ, টাই আহোম যুৱ পৰিষদ, ডিগবৈ সাহিত্য সেৱী মঞ্চ, মাকুম পৌৰসভা, মাকুম বিজেপি মণ্ডল আদি অনুষ্ঠানসমূহে মাকুমত শিল্পী, সাহিত্যিকগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনায় ।

ইয়াৰ পিছতেই এখন পুষ্পসজ্জিত বাহনত অনা সাহিত্যিকগৰাকীৰ নশ্বৰদেহ পোনে পোনে তিনিচুকীয়া চলিহা নগৰ খেলপথাৰলৈ অনা হয় । চলিহা নগৰ খেলপথাৰত সাহিত্যিকগৰাকীক তিনিকুৰিৰো অধিক দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে অন্তিম শ্ৰৰ্দ্ধাঞ্জলী জ্ঞাপন কৰে ।

তিনিচুকীয়া জিলা প্ৰশাসনৰ হৈ ৰাজহ চক্ৰ বিষয়া চিন্ময় পাঠক, নিখিল ভাৰত বংগ সাহিত্য সন্মিলন, বৰ্নানি শিশু কল্যান সন্থা, সক্ৰীয় শিল্পী মঞ্চ আৰু স্নিগ্ধা বৰঠাকুৰ ন্যাস সমিতি, গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰ, বয়োজ্যেষ্ঠ নাগৰিক কল্যাণ সন্থা, বৰদলৈ নগৰ উন্নয়ন মহিলা সমিতি, প্ৰগতি ক্লাব, লেখিকা সমাৰোহ, তিনিচুকীয়া জিলা আৰু শাখা সমিতি, জ্যোতি সাহিত্য চ'ৰা, চিত্ৰবন কলা বিদ্যালয়, বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজ, আখৰা ঘৰ, অসম নাট্য সন্মিলনৰ জিলা সমিতি, সূৰ্যমুখী নাট্যগোষ্ঠী, তিনিচুকীয়া জিলা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সাহিত্যসেৱী মঞ্চ, মাধৱীলতা সাহিত্য ন্যাস, তিনিচুকীয়া চেম্বাৰ অৱ কমাৰ্চ, এ টি ৰ'ড নাগৰিক সমিতি, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, ডিব্ৰু-ছৈখোৱা কনজাৰভেচন ছ'ছাইটি, জ্যোতিনগৰ নাগৰিক সন্থা, সৌমাৰজ্যোতি বিদ্যালয়, উজান সাহিত্য গোষ্ঠী, তিনিচুকীয়া জিলা বিজেপি, তিনিচুকীয়া মহাবিদ্যালয়, টাই আহোম ছাত্ৰ সন্থা, গৰিয়সী মহিলা চ'ৰা, তিনিচুকীয়া সাংবাদিক চ'ৰা, জনমুখী, ইণ্ড্ৰাষ্ট্ৰিয়েল ইষ্টেট ইউজাৰ্ছ, অসম জাতীয় পৰিষদ, তিনিচুকীয়া জিলা সমিতি, চিপিআই(এম এল), তিনিচুকীয়া জিলা সমিতি, ভূপেন হাজৰিকা ফেন ক্লাব, ডিগবৈ, সমন্বয় সংঘ, কৃষক মুক্তি সংগ্ৰাম সমিতি, গ্ৰাম্য পুথিভঁৰাল সন্থা, অসম টি লেবাৰ ইউনিয়ন, সাংস্কৃতিক সঞ্চালকালয়, ডুমডুমা শাখা কেন্দ্ৰ, মাৰোৱাৰী যুৱ মঞ্চ, অসমীয়া মাৰোৱাৰী বিহু সন্মিলন, পুৰ্বোত্তৰ মাৰোৱাৰী সমাজ, সন্মিলিত জন সাংস্কৃতিক মঞ্চ, মনিকাঞ্চন সাংস্কৃতিক মঞ্চ, শ্ৰীপুৰীয়া ক্লাব, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আচাম, বৰ্ণালী শিশু কল্যাণ সমিতি, প্ৰগতি ক্লাব, ই মিডিয়া ফ'ৰাম, মৰাণ ছাত্ৰ সন্থা, মটক যুৱ-ছাত্ৰ সন্মিলন, কোঁচ ৰাজবংশী সন্মিলন, চলিহা-বৰদলৈ নগৰ বাসিন্দা সন্থা আদিয়ে অশ্ৰুসিক্ত নয়নেৰে সাহিত্যিকগৰাকীলৈ শ্ৰৰ্দ্ধা নিবেদন কৰে ।

উল্লেখ্য যে, ১৯৪৩ চনৰ ১৬ জুনত শিৱসাগৰৰ কৃষ্ণ বিহাৰী চাহ বাগিচাত জন্মগ্রহণ কৰা বৰঠাকুৰৰ পিতৃ আছিল প্ৰয়াত লক্ষীনাথ বৰঠাকুৰ আৰু মাতৃ আছিল লিলি বৰঠাকুৰ । বিশিষ্ট নাট্যকাৰ প্ৰয়াত মহেন্দ্ৰ বৰঠাকুৰ আছিল হৰেন্দ্ৰনাথ বৰঠাকুৰৰ জ্যেষ্ঠ ভাতৃ ।

মাৰ্ঘেৰিটাৰ কেটেটং জনজাতি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্রধান শিক্ষকৰূপে চাকৰি জীৱনৰ পাতনি মেলি পৰৱৰ্তী কালত তিনিচুকীয়া চেনাইৰাম হাইস্কুলত শিক্ষকতা আৰম্ভ কৰি ২০০১ চনত অৱসৰ গ্ৰহণ কৰে । সাহিত্যিক বৰঠাকুৰে ৰচনা কৰা সাহিত্যৰাজি হৈছে, বিজ্ঞানে আনিব জোৱাৰ, অমাতৰ মাত, ৰজাৰ দেউল, সোণালী দিন জোনালী ৰাতি, প্ৰসংগ অসমীয়া শিশু নাট্য, কণ পৰুৱাৰ বিলৈ আৰু খৰিয়ে মেলিলে পাত, হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শিশু নাট্য সমগ্ৰ, পোনা পুতলীৰ সাধু, মই কিয় নাস্তিক হ'লো, পলৰীয়া প্ৰতিধ্বনি, মোৰ গানৰ চৰাই, আইতাৰ মুখৰ পদ্য আৰু গীত, দোকমোকালিৰ বেলি, গীতিমালিকা, পাঁচখন শিশু নাট, চিৰিয়াখানা ইত্যাদি ।

তদুপৰি বহুকেইখন গ্ৰন্থৰ সম্পাদনাৰ লগতে সাহিত্যিকজনাৰ অনুবাদ সাহিত্যতো যথেষ্ট দখল আছিল । অন্যহাতে তেওঁৰ কেইবাখনো গ্রন্থ প্ৰকাশৰ পথত আছে । সাহিত্য অকাডেমিয়ে ২০১৭ চনত তেওঁক ' শিশু সাহিত্য বঁটা ' আগবঢ়াই এক বিৰল স্বীকৃতি প্রদান কৰিছে । শিৱসাগৰ নাট্যপীঠ প্রকাশনে প্রকাশ কৰা ' হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শিশু নাট্য সমগ্ৰ ' গ্ৰন্থখনৰ বাবে এই বঁটা তেওঁক প্ৰদান কৰা হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in