শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ

শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ ২১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰচাৰৰ অন্তিম দিনাখন শনিবাৰে দুধনৈ অঞ্চলত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত বিশাল বাইক, ৰিক্সা, অটো ৰিক্সাৰ ৰেলী উলিওৱা হয়৷ এই বিশাল ৰেলীয়ে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ শনিবাৰে দিনৰ ১১ বজাত দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা বাইক আৰু ৰিক্সা ৰেলী উদ্বোধন কৰে ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৭ নং দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই৷

নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰেলী উদ্বোধন কৰি ভাষণ প্ৰসংগত টংকেশ্বৰ ৰাভাই কয় যে, ২০১৯ৰ পৰিষদীয় নিৰ্বাচনত আটাইকেইটা সমষ্টিতে আমি বিপুল ভোট লাভ কৰি জয়যুক্ত হম৷ কংগ্ৰেছ দলেও ৰাভা হাছঙৰ প্ৰতিটো পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী আগবঢ়াইছে যদিও কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকল জয়লাভ কৰিব নোৱাৰে৷ কাৰণ বিগত সময়ত কংগ্ৰেছৰ বাবে ৰাভা হাছং এলেকাত ২৪ জনকৈ নিৰহ লোক ছহিদ হবলগীয়া হৈছিল৷ গতিকে ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি বুলি মন্তব্য কৰে টংকেশ্বৰ ৰাভাই৷

বাইক ৰেলী উদ্বোধনৰ সময়ত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা শুক্ৰসিং ৰাভা, মনেশ্বৰ ৰাভাও উপস্থিত থাকে৷ উল্লেখ যে, ৰাভা হাছং যৌথ মঞ্চৰ বিজেপিৰ সৈতে বুজাবুজি হোৱাত পৰিষদীয় এলেকাত ৰাভা হাছং যৌথ মঞ্চই ৩৪ টা আৰু বিজেপিৰ দলে ৩ টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াইছে।

বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ, টংকেশ্বৰ ৰাভা জিন্দাবাদ, বিজেপি জিন্দাবাদ আদি শ্ল'গান দি দুধনৈৰ অলিয়ে গলিয়ে যৌথ সংগ্ৰাম সমিতিয়ে নিজা প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায়৷ ইফালে বাইক ৰেলীটোৱে বালাচাৰা হৈ উদয়পুৰ চিলুক বাখাৰাপাৰা, চেওৰাঘাট, কমলা বাগান, আপাৰ চিলুক হৈ দক্ষিণ দুধনৈ, উত্তৰ দুধনৈ আৰু বান্দৰ্শী পৰিষদীয় সমষ্টিৰ অঞ্চলবোৰত প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে৷ আনহাতে হাব্ৰাঘাট পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তৰুণ চন্দ্ৰ ৰাভাৰ সমৰ্থনত ৰাইজে শ শ বাইক লৈ সমষ্টিৰ অলিয়ে গলিয়ে বাইক ৰেলী কৰি অন্তিমটো দিনত নিৰ্বাচনী প্ৰচাৰ চলায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in