হাৰিয়ানাত ৭০ লাখ ব্যয়ৰে লস্কৰ-ঈ-তৈবাৰ মছজিদ নিৰ্মাণ

হাৰিয়ানাত ৭০ লাখ ব্যয়ৰে লস্কৰ-ঈ-তৈবাৰ মছজিদ নিৰ্মাণ

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ পলৱল জিলাত এটি মছজিদ নিৰ্মাণৰ বাবে এটা সন্ত্ৰাসবাদী সংগঠনে এক বৃহৎ পৰিমাণৰ অনুদান আগবঢ়োৱাৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অনুসন্ধান চলাই মছজিদটোৰ নিৰ্মাণ কাৰ্যত হাফিজ চৈয়দৰ সংগঠন লস্কৰ-ঈ-তৈবাই ৭০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ তথ্য পোহৰলৈ আনে৷

বাতৰি মতে পলৱল জিলাৰ উত্তাৱৰত নিৰ্মিত খুলাফা-এ-ৰশীদিন নামৰ মছজিদটোৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়ত ২৬ চেপ্টেম্বৰত পাকিস্তানৰ লহোৰস্থিত ফলাহ-এ-ইনচানিয়ত ফাউণ্ডেচনৰ জৰিয়তে সন্ত্ৰাসবাদী সংগঠনটোৰ পৰা মছজিদ নিৰ্মাণ সমিতিয়ে অনুদান গ্ৰহণ কৰে৷ এই সন্দৰ্ভত অনুসন্ধান সংস্থাই মছজিদটোৰ ইমাম মদম্মদ চলমানৰ লগতে মছজিদ নিৰ্মাণকাৰ্যৰ লগত জড়িত মহম্মদ চলীম আৰু চাজিদ আব্দুল বাণী নামৰ লোককেইজন গ্ৰেপ্তাৰ কৰে তদন্ত অব্যাহত ৰাখিছে৷

ইফালে স্থানীয় নিৱাসীয়ে অভিযোগ কৰা মতে মছজিদটো বে-আইনীভাৱে বিবাদিত ভূমিত নিৰ্মাণ কৰা হৈছে৷ এই সন্দৰ্ভত স্থানীয় বাসিন্দাই অভিযোগ কৰিলে হত্যা কৰাৰো ভাবুকি দিছিল মছজিদ নিৰ্মাণ সমিতিয়ে৷

আনহাতে, সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ঈ-তৈবাৰ অতি ঘনিষ্ঠ তথা বিতৰ্কিত মছজিদটোৰ ইমাম মহম্মদ চলমানৰ কন্যাৰ বিবাহৰ বাবেও সন্ত্ৰাসবাদী সংগঠনটোৱে ধন দিয়া বুলি অভিযোগ উত্থাপিত হৈছে৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এই ঘটনাৰ তদন্ত চলোৱাৰ লগতে মছজিদটোৰ নিৰ্মাণকাৰ্যত ক'ৰ ক'ৰ অনুদান লাভ কৰা হৈছিল আৰু সেই ধনসমূহ কিদৰে ব্যৱহাৰ কৰা হৈ আহিছে এই বিষয়ে তদন্ত আৰম্ভ কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in