ওৰাং আৰক্ষীৰ বৃহৎ সফলতা, আটক ৩ অপহৰণকাৰী…

ওৰাং আৰক্ষীৰ বৃহৎ সফলতা, আটক ৩ অপহৰণকাৰী…

ডিজিটেল সংবাদ,ওৰাং : ওৰাং আৰক্ষী আৰক্ষী থানাৰ অন্তৰ্গত ২ নং ওদালগুৰি জঙ্গল গাঁৱৰ কাচেম আলিৰ পুত্ৰ আচমত আলি (২৫) নামৰ এজন যুৱক যোৱা ২০ অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছিল । আচমত আলি নামৰ যুৱক জন সন্ধানহীন হৈ থকাত চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক। ২২ অক্টোবৰত অচিনাক্ত মবাইল নম্বৰৰ পৰা হঠাৎ ফোন আহে সন্ধানহীন হৈ থকা আচমত আলিৰ পৰিয়ালত।

অচিনাক্ত মোবাইল নম্বৰৰ পৰা ফোন কৰি আচমত আলিক অপহৰণ কৰা বুলি আচমত আলিৰ মুক্তিৰ বাবে পৰিয়ালক দাবী কৰে ১১ লাখ টকা। আচমত আলিৰ পৰিয়ালৰ লোকে ১১ লাখ টকা প্ৰদান নকৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে আচমত আলিক। আচমত আলিক অপহৰণ কৰাৰ থবৰ পোৱাৰ লগে লগে চিন্তিত হৈ পৰে আচমত আলিৰ পৰিয়াল। অপহৰণকাৰীৰ দলটোৱে ১১ লাখ টকা লৈ বাইহাটা চাৰিআলীত মাতে পৰিয়ালৰ লোকক।

আচমত আলিৰ পৰিয়ালৰ লোকে সমগ্ৰ অপহৰণ কাণ্ডৰ সন্দৰ্ভত ওৰাং আৰক্ষীক অবগত কৰি এজাহাৰ দাখিল কৰে। আচমত আলিৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে ফোন ট্ৰেকিং কৰি অপহৰণকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰে। অপহৰণকাৰীৰ দলটোৱে আচমত আলিৰ পৰিয়ালৰ লোকক ১১ লাখ টকা লৈ ভিন্ন ঠাইত মাতে। প্ৰথমে বাইহাটা পিছত বাক্সাত মাতি পঠিয়াই আচমত আলিৰ পৰিয়ালৰ লোকক।

ওৰাং আৰক্ষীয়ে পৰিয়ালৰ লোকৰ ফোনৰ ট্ৰেকিঙৰ সহযোগত অভিযান চলাই যোৱা নিশা ১ বজাত মঙ্গলদৈৰ ভেবাৰঘাটত অপহৰণকাৰীৰ কবলৰ পৰা উদ্বাৰ কৰে আচমত আলিক আলিক। লগতে অপহৰণকাৰীৰ দলটোকে হাতে-লোতে আটক কৰে ওৰাং আৰক্ষীয়ে। ধূত অপহৰণকাৰী তিনিজন ক্ৰম বাইহাটা চাৰিআলীৰ জিতুমনি শৰ্মা (৩৫), বাক্সাৰ পশ্চিম নাওকাটাৰ নিৰঞ্জন শৰ্মা (৪৬) , নাওকাটাৰ মাগুৰমাৰিৰ কৈলাশ শৰ্মা জুলি জানিব পৰা গৈছে ।

অপহৰণকাৰীৰ দলটোৰ পৰা এখন AS 01 BE 3526 নম্বৰৰ বাহন। এখন খুকুৰি । এখন চাবি দিয়া চুৰি। ৩ টা মোবাইল উদ্ধাৰ কৰে আৰক্ষীয়ে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ওৰাং আৰক্ষীয়ে 113/20U/S364(A) IPC নম্বৰত গোচৰ ৰজু কৰি ওদালগুৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in