নামৰূপ সাৰ উদ্যোগৰ আবাসিক এলেকাৰ পৰা বৃহৎ পৰিমাণৰ ছপা কাঠ জব্দ…

নামৰূপ সাৰ উদ্যোগৰ আবাসিক এলেকাৰ পৰা বৃহৎ পৰিমাণৰ ছপা কাঠ জব্দ…

ডিজিটেল সংবাদ নামৰূপঃ চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে  সম্প্ৰতি অভিযান অব্যাহত ৰাখিছে  জয়পুৰ আঞ্চলিক বন কাৰ্য্যালয়ে। যোৱা ২৭  এপ্ৰিলত বন বিভাগৰ এটা বৃহৎ দলে বনাঞ্চলত অভিযান চলাই এজোপা বৃহৎ আকাৰৰ তিতাচঁ‌পা গছ কাটি তাৰ কাঠ ফালি থকা অৱস্থাতে  হাতে লোতে ধৰা পেলাই অৱশেষত দুজনক গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে নামৰূপস্থিত দিল্লী খণ্ড বন কাৰ্য্যালয়ে জয়পুৰ আঞ্চলিক বন কাৰ্য্যালয়ৰ সহযোগত  নামৰূপত এক অভিযান চলাই  বি ভি এফ চি এলৰ আবাসিক এলেকা চেক্টৰ এফৰ পৰা বৃহৎ পৰিমাণৰ ছপা কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

দিল্লী খণ্ড বন কাৰ্য্যালয়ৰ বিষয়া  চিৰন্তন সোনোৱালৰ নেতৃত্বত  জয়পুৰ আঞ্চলিক কাৰ্যলয় আৰু ফৰেষ্ট বেটেলিয়ানৰ সহযোগত সাৰ উদ্যোগৰ আবাসিক এলেকা চেক্টৰ এফ ৩২২ (322) নং আবাসৰ পৰা বৃহৎ পৰিমাণৰ   ছপা কাঠ  জব্দ কৰে। বন বিভাগৰ পৰা জানিব পৰা মতে জব্দ কৰা কাঠৰ মালিক বিমল গগৈয়ে কাঠ সমূহৰ বিপৰীতে মিলৰ পৰা ক্ৰয় কৰা এক বিসংগতি পূর্ণ চালন  দেখুৱায়। সম্প্ৰতি  কাঠ মিললৈ ছপা কাঠ কেনেকৈ আহিল তাক লৈ তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in