হোজাইৰ যমুনামুখত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং চুপাৰী জব্দ…

হোজাইৰ যমুনামুখত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ চোৰাং চুপাৰী জব্দ…

ডিজিটেল সংবাদ,ডবকা : ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ হোজাই জিলাতো পুনৰ সক্ৰিয় হৈ উঠিছে চুপাৰীৰ চোৰাং বেহা ৷ বৃহস্পতিবাৰে সন্ধিয়া AS11 CC 5590 নম্বৰৰ এখন চুপাৰী ভৰ্তি মিনি ট্ৰাক সৰুপথাৰ-যমুনামুখ পথৰ ওপৰত পানী থকাত আবদ্ধ হৈ পৰে ৷ উক্ত স্থানত পাছত যমুনামুখ আৰক্ষী উপস্থিত হৈ গাড়ী খনৰ পৰা ২০ বস্তা চুপাৰী জব্দ কৰি যমুনামুখ থানালৈ লৈ যায় ৷ জানিব পৰা মতে চুপাৰী খিনি কাছাৰৰ শিলচৰৰ পৰা চোৰাংভাবে যমুনামুখলৈ সৰহৰাহ কৰা হৈছিল ৷ জব্দ কৰা চুপাৰী খিনি বাৰ্মিজ চুপাৰী হব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে এই চুপাৰীখিনিৰ আত ধৰি নিশা যমুনামুখ আৰক্ষীয়ে যমুনামুখৰ বৰজাৰী মাজগাৱত এটি গোডাম ঘৰত অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযান কালত গোডাম ঘৰটোৰ পৰা ৪৯ বস্তা চুপাৰী জব্দ কৰি আৰক্ষী থানালৈ লৈ আনে ৷ বৃহস্পতিবাৰে মুঠতে ৭১ বস্তা চোৰাং চুপাৰী জব্দ কৰে যমুনামুখ আৰক্ষীয়ে ৷ জব্দ কৰা চুপাৰী খিনি জনৈক চাহাব উদ্দিন নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে ৷ জব্দ কৰা চুপাৰী খিনিৰ বজাৰ মূল্য অনুমানিক ২০ লক্ষ্যাধিক টকা হব বুলি অনুমান কৰা হৈছে ৷

অভিযোগ অনুসৰি যমুনামুখৰ চাহাব উদ্দিন, ভুট্টু আৰু লেদা নামৰ তিনিজন লোকে বহিঃৰাষ্ট্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাংভাবে চুপাৰী সৰবৰাহ কৰি যমুনামুখত মজুত কৰে আৰু সময় সুযোগ বুজি বহিঃৰাজ্যলৈ ৰপ্তানী কৰে ৷

এতিয়া প্ৰশ্ন হয় যে ৰাজহ ফাকিৰে এনেদৰে চোৰাং চিণ্ডিকেট চলোৱা চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ সক্ষম হবনে চৰকাৰ তথা প্ৰশাসনৰ নে কোনোৱা ওপৰৱালৰ ফোনত প্ৰশাসনে এৰি দিবলৈ বাধ্য হ'ব এই চক্ৰটোৰ কাণ্ডাৰী কেইজনক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in