পৰ্যটকৰ বাবে মুকলি হ’ল লাওখোৱা অভয়াৰণ্য…

পৰ্যটকৰ বাবে মুকলি হ’ল লাওখোৱা অভয়াৰণ্য…

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্য পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ৷ বন বিভাগৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষক অমৃত সাহায়ে আনুষ্ঠানিকভাবে পৰ্যটকৰ বাবে লাওখোৱা মুকলি কৰে ৷ শেহতীয়াকৈ লাওখোৱাত অভিলেখ সংখ্যক পৰিভ্ৰমী চৰাইৰ উপস্হিতি গননাত পোহৰলৈ অহাৰ পিছত পক্ষীপ্ৰেমী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷

লাওখোৱাৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিবেশ প্ৰত্যক্ষ কৰাৰ অৰ্থে কাটাখাল পইন্টটি মুকলি কৰাৰ পিছত ভোমোৰাগুৰি,দন্দিয়া মুকলি কৰি দিব বন বিভাগে ৷ পৰ্যটকৰ বাবে লাওখোৱা মুকলি কৰি দিলেও এই অভয়াৰণ্যত কোভিডৰ দুটা পালি ভেকচিন লোৱা সকলকহে প্ৰবেশৰ অনুমতি থাকিব৷

আনহাতে অভয়াৰণ্যখনত সুৰা আৰু ডি জে নিষিদ্ধ কৰা হৈছে ৷ ইয়াৰ বাহিৰেও লাওখোৱাৰ পৰা চুতিৰপাৰলৈকে ২২ কিলোমিটাৰ এলেকা পৰ্যটকে যাতে চাইকেল লৈ ভ্ৰমণ কৰিব পাৰে তাৰো চিন্তা কৰিছে বন বিভাগে ৷ মঙ্গলবাৰে অনুষ্ঠিত মুকলি অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিবকুমাৰ , ডি এফ অ' পল্লব কুমাৰ ডেকা , বনাঞ্চলিক বিষয়া অৰূপ কলিতা আদি উপস্হিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in