লংকাত ৰুবেলাক লৈ লংকাকাণ্ড, ক্ষুব্ধ জনতাৰ আক্ৰমণত চিআৰপিএফ জোৱান আহত

লংকাত ৰুবেলাক লৈ লংকাকাণ্ড, ক্ষুব্ধ জনতাৰ আক্ৰমণত চিআৰপিএফ জোৱান আহত

ডিজিটেল সংবাদ, লংকাঃ ভেকচিনৰ বাবে সোমবাৰে লংকাত সৃষ্টি হয় লংকাকাণ্ড। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে অঞ্চলটোৰ ফৰমাপাৰ হাইস্কুলতো ছাত্ৰ-ছাত্ৰীসকলক আজি ভেকচিন প্ৰদান কৰা হয়।

ভেকচিন প্ৰদানৰ পিছতে বিদ্যালয়খনৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰে। ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ সহযোগত অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।

ইফালে, এই খবৰ পোৱাৰ পিছতে স্থানীয় লোক আৰু অভিভাৱকসকল আহি বিদ্যালয়খনত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীৰ উপস্থিতিতে ক্ষুব্ধ লোকসকলে বিদ্যালয়খনৰ আচবাবকে আদি কৰি ভিন্ন সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ ওপৰতো আক্ৰমণ চলায়।

উত্তেজিত জনতাই হাতত লাঠি, শিল আদি লৈ আৰক্ষীৰ কেবাখনো বাহনৰ ক্ষতিসাধন কৰে। ঠেলি-হেচি এখন বাহন পথৰ দাঁতিত বগৰাই দিয়াত চিআৰপিএফৰ এজন জোৱানো আঘাতপ্ৰাপ্ত হয়।

পিছত ঘটনাস্থলীত হোজাই জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক আহি ক্ষুব্ধ লোকসকলৰ সৈতে মিলিত হৈ বুজাপৰাৰ মাধ্যমেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ঘটনাটোক বৰ্তমানো সমগ্ৰ লংকা অঞ্চলত অব্যাহত আছে চেপা উত্তেজনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in