লংকা কাণ্ডঃ মূল অভিযুক্ত হিলালউদ্দিনক গ্ৰেপ্তাৰ…

লংকা কাণ্ডঃ মূল অভিযুক্ত হিলালউদ্দিনক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ লংকা থানাৰ অন্তৰ্গত ফুলতলী মডেল হাস্পতালৰ কোভিড কেয়াৰ চেন্টাৰত চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাৰে জড়িত মূল অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। হিলালউদ্দিন নামৰ অভিযুক্তজনক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, এই ঘটনাৰে জড়িত ২৯জন অভিযুক্তক বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰা হৈছে।

ইয়াৰ পূৰ্বে লংকাৰ ফুলতলী কাণ্ডৰ লগত জড়িত ৭ জন অভিযুক্তক তিনি দিনৰ বাবে আৰক্ষী জিম্মাত লোৱা হৈছিল৷ আৰক্ষী জিম্মাত দিয়া অভিযুক্ত কেইজন ক্ৰমে- কমৰউদ্দিন, জয়নালউদ্দিন, ৰেহেন উদ্দিন, ৰিজুল ইছলাম, ৰহিমউদ্দিন আৰু মিছবা বেগম৷ ইফালে, চাহিল ইছলামকো আৰক্ষী জিম্মাত বিচাৰিছিল যদিও বয়স কম হোৱাৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ আৰু বাকী অভিযুক্ত ১৬ জনকো ভাৰতীয় দণ্ডবিধি আইনৰ ১০৭ ধাৰাত জেললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, লংকা থানাৰ অন্তৰ্গত ফুলতলীৰ মডেল হাস্পতালত স্থাপন কৰা কোভিড চিকিৎসালয়ত এজন ৰোগীৰ মৃত্যুৰ ঘটনাক লৈ উত্তেজিত পৰিস্থিতি সৃষ্টি হোৱাৰ পাছত চিকিৎসালয়খনৰ চিকিৎসক ডাঃ সেউজ সেনাপতি তথা নাৰ্ছক অতি নিৰ্দয়ভাৱে প্ৰহাৰৰ কৰিছিল মৃত লোকজনৰ আত্মীয়ই। তাৰপাছত ২ জুনৰ পুৱা প্ৰায় ৪ বজাত এই ঘটনাৰে জড়িত ২৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। অসম  আৰক্ষীয়ে হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই লোক কেইজনক।

দৰাচলতে, মৃত ৰোগীজনৰ উত্তেজিত আত্মীয় আৰু দুষ্কৃতিকাৰী দলটোৱে চিকিৎসা কেন্দ্ৰটোৰ বহু আচবাবো ভাঙি-চিঙি লণ্ড ভণ্ড কৰে ১ জুনত। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মঙলবাৰে পুৱা প্ৰায় ১০ বজাত উদালী অঞ্চলৰ গিয়াছুদ্দিন নামৰ এজন কোভিড ৰোগীৰ চিকিৎসালয়খনত মৃত্যু হয়। চিকিৎসকে জানিবলৈ দিয়া মতে, চিকিৎসালয়ত ভৰ্তি কৰা ৰোগীজনৰ কাঁহ জ্বৰৰ বাহিৰে আন বিশেষ সমস্যা নাছিল যদিও বিয়লি প্ৰায় ২ বজাত তেওঁৰ যে পুৱাৰে পৰা প্ৰশ্ৰাৱ হোৱা নাই এই বিষয়ে চিকিৎসকক জানিবলৈ দিয়ে।

পিছত চিকিৎসকে কৃত্ৰিম ভাৱে প্ৰশ্ৰাৱ কৰোৱাৰ ব্যৱস্থা লয় যদিও তেনে সময়তে হঠাৎ ৰোগীজনৰ মৃত্যু হয়। ইফালে, ৰোগীৰ আত্মীয়ৰ মতে, চিকিৎসকৰ দায়িত্বহীনতা আৰু হেমাহীৰ ফলতে ৰোগীজন এনেদৰে মৃত্যুৰ মুখত পৰিব লগা হয়। এনে আকস্মিক মৃত্যুৰ ঘটনাক লৈ লগে লগে উন্মোত্ত হৈ উঠে ৰোগীৰ আত্মীয় সহ একাংশ লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in