মাইবং আৰু মুফা ৰে’ল ষ্টেচনৰ মাজত ভয়াৱহ ভূমিস্খলন! চাৰিহাজাৰ যাত্ৰীক ৰে’ল বিভাগে দিলে খাদ্য, VIDEO

মাইবং আৰু মুফা ৰে’ল ষ্টেচনৰ মাজত ভয়াৱহ ভূমিস্খলন!  চাৰিহাজাৰ যাত্ৰীক ৰে’ল বিভাগে দিলে খাদ্য, VIDEO

ডিজিটেল সংবাদ, লামডিঙঃ কোভিড-১৯ৰ সংক্ৰমণৰ আতংক, বানপানী-খহনীয়া আদিৰ মাজতে ডিমা হাছাও জিলাত সংঘটিত ভূমিস্খলনৰ ঘটনাই হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মাইবং আৰু মুফা ৰে'ল ষ্টেচনৰ মাজত দুটা স্থানত ভয়ংকৰ ভূমিস্খলন হয়।

ৰে'ল লাইনৰ মাজত পাহাৰৰ মাটি খহি পৰে। ফলত ব্যাহত হৈ পৰে অঞ্চলটোৰ ৰে'ল চলাচল। আবদ্ধ হৈ পৰে তিনিখনকৈ ৰে'ল।

মাইবং ষ্টেচনত আবদ্ধ হৈ পৰে শ্ৰমিক বিশেষ ট্ৰেইনখন। একেদৰে লামডিং ষ্টেচনত ০৬১৬১ ট্ৰিবান্দম-জিৰিবাম আৰু ০৪০১২ গুৰগাঁও-আগৰতলা ট্ৰেইন দুখন আবদ্ধ হৈ পৰে। ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে লামডিং ৰে'ল বিভাগৰ পৰা আবদ্ধ হোৱা যাত্ৰী সকলক খোৱাৰ ব্যৱস্থা কৰা হয়।

https://www.facebook.com/asomiya.pratidin/videos/1075486569502746/

আই আৰ চি টি চিৰ জৰিয়তে লামডিং ৰে'ল বিভাগে তিনিখন ট্ৰেইনত মুঠ চাৰি হাজাৰ ৰে'ল যাত্ৰীৰ পুৱা খোৱাৰ ব্যৱস্থা কৰিছে। বিস্কুট পানী, ব্ৰেড, বিৰিয়ানী আৰু খিচুৰীৰ যোগান ধৰে ৰে'ল বিভাগে৷ লামডিংস্থিত ৰে'লৱে মাণ্ডলিক কাৰ্যালয়ৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীলৈ ৰাওনা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in