ৰাজ্যত সংঘটিত বৃহৎ ভূ-কেলেংকাৰী! ৪ এচিএছ বিষয়াৰ লগতে লাটমণ্ডলৰ বিৰুদ্ধে ভিজিলেন্সত গোচৰ ৰুজু…

ৰাজ্যত সংঘটিত বৃহৎ ভূ-কেলেংকাৰী! ৪ এচিএছ বিষয়াৰ লগতে লাটমণ্ডলৰ বিৰুদ্ধে ভিজিলেন্সত গোচৰ ৰুজু…

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত সংঘটিত ভূমি কেলেংকাৰীক লৈ ৰাজ্যৰ প্ৰশাসনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভূ-মাফিয়াৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত ইতিমধ্যে আৰক্ষীয়ে সোধ-পোছ কৰিছে খোদ ৰাজ্য গৃহ বিভাগৰ উপসচিব চিন্ময় প্ৰকাশ ফুকনক।

গড়চুক আৰক্ষীয়ে এই তদন্ত চলাই থকা সময়তে অসম আৰক্ষী তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই পৃথকে এই ভূমি কেলেংকাৰী সন্দৰ্ভত আন এক তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্তত নামি পৰিছে দুৰ্নীতি নিবাৰক শাখা।

দুৰ্নীতি নিবাৰক শাখাত ভূমি কেলেংকাৰী সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ নম্বৰ ৭/২১৯। উল্লেখ্য যোগ্য যে, দিছপুৰ ৰাজহ চক্ৰৰ অধীনৰ বেটকুচি গাঁৱৰ বৰ্তমান দিল্লী পাব্লিক স্কুলৰ ভূমি ক্ৰয় বিষয়ৰ নামত এই কেলেংকাৰী সংঘটিত হৈছিল।

এই সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পাছতেই কিদৰে এই ভূমি জালায়তীৰে মাটি ব্যৱসায়ী ফণী তালুকদাৰে তেওঁৰ পত্নী জামিনী কলিতা আৰু সহযোগী বানোৱাৰী লাল পাৰিকৰৰ নামত নামজাৰি কৰিবলৈ সক্ষম হ'ল সেই সন্দৰ্ভত অতিৰিক্ত মুখ্যসচিব ৰাজহাৰ তদানীন্তত প্ৰধান ৰাজেশ প্ৰকাশক তদন্তৰ নিৰ্দেশ দিছিল।

২০১৯চনৰ ১৮জানুৱাৰীত ৰাজেশ প্ৰসাদে ডিজিভিএ/আৰআই/২০১৯/২২৫-২৭ নম্বৰ পত্ৰযোগে এই সন্দৰ্ভত তদন্তৰ বাবে দুৰ্নীতি নিবাৰক শাখালৈ পত্ৰ প্ৰেৰণ কৰিছিল। প্ৰাৰম্ভিক তদন্ত দুৰ্নীতি নিবাৰক শাখাই পোহললৈ অনা তথ্য অনুসৰি ২০০৫চনৰ ৬ মে'ত চৰকাৰী নিৰ্দেশ নং আৰএছএছ, ৬৮৬/২০০৩/৫৫ আৰু ২০১৫চনৰ ১৪ ডিচেম্বৰ চৰকাৰী নিৰ্দেশ নং আৰএছএছ ৬৮৬/২০০৩/৬৬ যোগে দিছপুৰ ৰাজহচক্ৰ অধীনত বেটকুচি গাঁৱৰ ৯১নং ডাগৰ ক্ৰমে ৪ বিঘা আৰু ৩ বিঘা মাটি নৰ্থ ইষ্ট এগ্ৰিকালছাৰেল ছীটফাণ্ড এণ্ড ৰিছাৰ্জ চেন্টাৰৰ নামত নামজাৰি কৰিছিল।

প্ৰতি কঠাত ১ লাখ ৩০হাজাৰ টকা দৰত এই ভূমি আৱন্টন দিয়া হৈছিল। পৰৱৰ্তী সময়ত এই মাটিখিনি ২০০৬চনৰ ২৫ এপ্ৰিলত নিৰ্দেশ নং আৰএছএছ ৫১৪/২০০৪/২৯ যোগে দিছপুৰ ৰাজহ চক্ৰৰ অধীনৰ বেটকুছি গাঁৱৰ ৪৭১নং ডাকৰ ৩ বিঘা ২কঠা মাটি নীলাচল ক'ল ষ্টৰেজ আৰু গুদামৰ নামত নামজাৰি কৰা হৈছিল।

এই নামজাৰিত ব্যৱহাৰ কৰা ৪৭১নং ডাকটো আছিল ভুৱা। এই দুই প্ৰতিষ্ঠানৰ নামত ১৪বিঘা ২কঠা মাটি নামজাৰি কৰোৱাৰ পাছত প্ৰদীপ আগৰৱালা আৰু ঈশ্বৰী প্ৰসাদ চৌধুৰীয়ে ক্ৰয় কৰিছিল। কোটি টকা মূল্যত ক্ৰয় কৰি এই ভূমিৰ বাবদ চৰকাৰে পাব লগা ৮১ লাখ টকাৰ ৰাজহো পৰিশোধ কৰা নাছিল চক্ৰটোৱে।

এই মাটিখিনি বিক্ৰীৰ বাবে চিন্ময় প্ৰকাশ ফুকন আৰু ফণী তালুকদাৰৰ মাজত ৩৩ লাখ টকাৰ লেনদেন হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে এই ভূমি কেলেংকাৰী সন্দৰ্ভত দিছপুৰৰ দুই ৰাজহ চক্ৰ বিষয়া কবিতা ডেকা, নব কুমাৰ বৰুৱাকে ধৰি এ চি এছ বিষয়া ৰাতুল বৰুৱা আৰু এছ আৰ কাঠাৰৰ নামো সাঙোৰ খাই পৰিছে।

লগতে লাট মণ্ডল ভূগেশ্বৰ দাসো এই জালায়তী চক্ৰৰে জড়িত বুলি প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহাৰ পাছতেই ৪ এ চি এছ বিষয়া আৰু মণ্ডলৰ বিৰুদ্ধে ভিজিলেন্সত গোচৰ ৰুজু হৈছে। তদন্তকাৰী সন্থাটোৰ পৰিদৰ্শক পিনাকী প্ৰসাদ মিত্ৰই সমগ্ৰ ভূমি জালায়তীৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি ১১৯/১২০বি/১৬৬/৪২০/৪৬৮/৪৭১ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(১), (এ) ধাৰাৰ অধীনত অভিযুক্ত চাৰি এ চি এছ বিষয়া আৰু লাট মণ্ডলৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশ আদালতত এজাহাৰ প্ৰতিলিপিও দাখিল কৰিছে।

উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ মহকুমা ভূমি উপদেষ্টা সমিতিৰ পৰা ভূমি বিক্ৰী বা আৱন্টনৰ বাবে অনুমতি লোৱাটো বাধ্যতামূলক। কিন্তু সেয়া নকৰি ভুৱা তথ্যৰে এই ভূমি ক্ৰয়-বিক্ৰী কৰা বুলি উত্থাপিত অভিযোগত এতিয়া ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা উপ-সচিব চিন্ময় প্ৰকাশ ফুকনৰ নামৰ লগতে আন ৩জন এ চি এছ বিষয়াৰ নামো সাঙোৰ খাই পৰিছে। যি খবৰে ৰাজ্য প্ৰশাসনত তুমুল জোকাৰণিৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in