কাইলৈ লামডিং পাবহি বিশেষ ৰেল, ষ্টেচনত আৰক্ষী তথা ৰেল বিভাগৰ তৎপৰতা…

কাইলৈ লামডিং পাবহি বিশেষ ৰেল,  ষ্টেচনত আৰক্ষী তথা ৰেল বিভাগৰ তৎপৰতা…

ডিজিটেল সংবাদ লামডিংঃ অৱশেষত কেন্দ্ৰীয় চৰকাৰে ল'ক ডাউন শেষ হোৱাৰ পূৰ্বেই দেশত ৰে'ল সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ পৰা আংশিক ভাৱে আৰম্ভ হ'ল যাত্ৰীবাহী ৰেলৰ চলাচল ।

মঙলবাৰৰ পৰা ৰাজধানী দিল্লীৰ পৰা দেশৰ ১৫খন স্থানলৈ আৰম্ভ হ'ব ৰেল সেৱা। আজিৰে পৰা আৰম্ভ হোৱা দিল্লী –ডিব্ৰুগৰ , আৰু দিল্লী–"আগৰতলা বিশেষ ট্ৰেইন দুখন অসম আহি পাবহি । দিল্লী ডিব্ৰুগড় বিশেষ ট্ৰেইন খন কোকৰাঝাৰ, গুৱাহাটীৰ লগতে লামডিংত ও ৰখোৱাৰ নিৰ্দেশ আছে। অহা কাইলৈ লামডিং ৰেল ষ্টেচনত আহি পাব সেই বিশেষ ট্ৰেইনখন।

ট্ৰেইন আহি পোৱাৰ আগমূহুৰ্তত লামডিং ৰেলৱে ষ্টেচনত আজি হোজাই জিলাৰ প্ৰশাসনৰ তৎপৰতা দেখিবলৈ পোৱা গ'ল। লামডিং ষ্টেচনত উপস্থিত হয় হোজাই জিলাৰ এ ডি সি, লামডিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লগতে লামডিং ৰেলৱে বিভাগৰ বিষয়া আৰু ৰেল নিৰাপত্তা বাহিনীৰ দল। বহিঃ ৰাজ্যৰ পৰা অহা ট্ৰেইন সমূহত যাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰিছে হোজাই জিলাৰ প্ৰশাসনৰ লগতে লামডিং ৰেল বিভাগে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in