শেহতীয়া খবৰ
অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে শিমলুগুৰিত প্ৰাৰ্থনা...  •  অখিল গগৈসহ সকলো ‘কা’ বিৰোধী প্ৰতিবাদকাৰীৰ মুক্তিৰ দাবীত যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী...  •  নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে...  •  কোভিড-১৯ঃ ৰাজস্থানত হাস্পতালৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা এজনৰ...  •  লাওখোৱাৰ ভুৰবন্ধাত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া...  •  পুৰণিগুদামত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ...  •  বকোত ভয়ংকৰ পথ দুৰ্ঘটনা: আল্ট্ৰা বাছৰ খু্ন্দাত প্ৰাক্তন সৈনিকৰ থিতাতে মৃত্যু...  •  চিকিত্‍সক কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত JMCHত হাহাকাৰ...  •  অসমত কোৰোনাত আক্ৰান্ত হৈ পুনৰ ওদালগুৰিৰ যুৱকৰ মৃত্যু...  •  মঙলদৈত ভাষা আন্দোলনৰ শ্বহীদ সূৰ্য বড়াৰ মৃত্যদিৱস পালন..

লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান…

80

ডিজিটেল সংবাদ, লামডিংঃ লকডাউনৰ সময়চোৱাত বৰ্তমান একাংশ ব্যৱসায়ীৰ অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে এফালে যদি দোকান প্ৰহাৰ খোলাৰ নিৰ্দেশ দিছে আনফালে আকৌ দিশহাৰা হৈ পৰিছে চেলুনৰ কৰ্মচাৰী সকল ৷ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে চেলুন পাৰ্লাৰ খোলাৰ নিৰ্দেশ বৰ্তমানলৈ দিয়া নাই ৷

যোৱা তিনিমাহে লামডিং এই চেলুনৰ ব্যৱসায়ীসকলে চৰকাৰৰ নিৰ্দেশ মানি আহিছে ৷ কিন্তু বৰ্তমান চৰকাৰ তথা চৰকাৰী প্ৰতিনিধিৰ পৰা কোনো সাহাৰ্য্য নোপোৱাত অসহায় হৈ পৰিছে ৷ লামডিঙত আজি চেলুন সন্থাই মৌন প্ৰতিবাদ কৰে ৷ লামডিঙৰ মুঠ ১৩০ খন চেলুনৰ লগত জড়িত কৰ্মচাৰী সসকলে লামডিঙ স্থিত খেলপথাৰত এক মৌন প্ৰতিবাদ সাব্যস্ত কৰে।

চৰকাৰ নিৰ্দেশ অনুযায়ী সামাজিক ব্যৱধান ৰাখি ১৩০ খন দোকানৰ কৰ্মচাৰী ভিতৰত আধা সংখ্যক নাপিতসকলে মুখত মাষ্ক পৰিধান কৰি অংশগ্ৰহণ কৰে এই মৌন প্ৰতিবাদ।নাপিত সন্থাই এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক প্ৰতি আহ্বান যে তেওঁলোকৰ পৰিয়াল চলিব পৰাকে আৰ্থিক সাহাৰ্যৰ ব্যৱস্থা কৰি দিয়ক নহলে তেওঁলোকে গভীৰ সংকটত পৰিব পৰিয়ালক পোহপাল দিয়াত।

অন্যথা চৰকাৰে প্ৰতিখন চেলুন খোলাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ লামডিং চেলুন সন্থাই চেলুন খোলাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আজি হোজাই জিলাৰ উপায়ুক্ত, লামডিঙ সমষ্টি বিধায়ক আৰু লামডিঙ আৰক্ষীক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি