লামডিং ৰেলৱে ষ্টেচনত অঘটন…

লামডিং ৰেলৱে ষ্টেচনত অঘটন…

ডিজিটেল সংবাদ,লামডিংঃ লামডিং ৰেলৱে ষ্টেচনত এক শোকাবহ ঘটনা সংঘটিত হয় ৷ নামনিমুৱা অৱধ আচাম এস্কপ্ৰেছ ৰেলখনৰ পৰা পৰি এজন ব্যক্তিৰ মৃত্যুৰ ঘটে ৷ জানিব পৰামতে ব্যক্তিজনৰ নাম ৰামপ্ৰীত চাহানী (৩৮) ৷ সৰুপথাৰৰ পৰা সমষ্টিপুৰলৈ অৱধ আচাম ৰেলখনেৰে যাত্ৰা কৰিছিল ৰামপ্ৰীত নামৰ ৩৮ বছৰীয়া ব্যক্তিগৰাকীয়ে ৷

কিন্তু হঠাৎ লামডিঙ ৰেলৱে ষ্টেচনত সোমবাৰে সন্ধিয়া ৬ মান বজাত চলন্ত ৰেলখনৰ পৰা ব্যক্তিজনৰ ভড়ি পিছলি পৰে আৰু থিতাতে নিহত হয় ৷ মৃত ব্যক্তিজনৰ পৰা আধাৰ কাৰ্ড আৰু ৰেলৱে টিকত উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে ৷ বৰ্তমান ব্যক্তিজনৰ মৃতদেহ জি আৰ পি য়ে উদ্ধাৰ কৰে যদিও অহাকাইলৈ মৰোনত্ত পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসা কেন্দ্ৰ লৈ প্ৰেৰন কৰিব ৷৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in