শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

লামডিং ষ্টেচনত যাত্ৰীক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই চলায় লুট-পাত, অচেতন অৱস্থাত উদ্ধাৰ ডিমাপুৰৰ পৰা শিলচৰলৈ যাত্ৰা কৰা ৰেল যাত্ৰী…

37

ডিজিটেল সংবাদ , লামডিংঃ লামডিং ৰেলৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা ৷ ৰেল যাত্ৰীক নিচাঁজাতীয় দ্ৰব্য সেৱন কৰাই লুটপাত চলোৱা এজন দুৰ্বৃত্তক আজি নিশা লামডিং ৰেল সুৰক্ষা বাহিনীৰ দলে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ডিমাপুৰৰ পৰা শিলচৰলৈ যাত্ৰা কৰা এজন ৰেল যাত্ৰীক চাহত নিচাজাতীয় দ্ৰব্য মিহলাই সেৱন কৰোৱাৰ পিছত যাত্ৰী জনৰ সমুদায় বয়বস্তু লৈ পলায়ন কৰিবলৈ লওঁতে ৰেলৰ আৰক্ষীৰ জালত পৰে এইজন কাকীৰ বিলালউদ্দিন। কিন্তু বিলালউদ্দিনৰ আন দুই সহযোগী লংকাৰ তাজউদ্দিন আৰু যমুনামুখৰ নাচিৰুদ্দিন সুযোগ বুজি সেই স্থানৰ পৰা পলায়ন কৰে ৷

ধৃত বিলালউদ্দিনৰ ভয়ংকৰ ভাষ্য শুনক কিদৰে তেওঁলোকে দীৰ্ঘদিন ধৰি যাত্ৰী সকলৰ লগত পোনতে চিনাকী হৈ চাহ বা ঠাণ্ডা পণীয়ৰ লগত নিচাজাতীয় টেবলেট খুৱাই সৰ্বস্ব লুটি লৈ যায় ৷ বিগত এটা সপ্তাহৰ ভিতৰত দুৰ্বৃত্ত দলটোৱে চাৰিজনকৈ যাত্ৰীক লুট পাত কৰি আহিছিল ৷

শুকুৰবাৰে নিশাও যাত্ৰী গৰাকীক লামডিং ষ্টেচনত নিচাজাতীয় টেবলেট খুৱাই নগদ ৪৮৫০০ টকা আৰু ম’বাইল লৈ পলাৱলৈ লওঁতে আৰক্ষীৰ জালত পৰে কুখ্যাত দুৰ্বৃত্তটো ৷ আটক কৰা ধৃত বিলালউদ্দিনৰ পৰা নিচাজাতীয় টেবলট আৰু মোবাইল ফোন উদ্ধাৰ কৰে ৷ ইপিনে লামডিং আৰপিএফে অচেতন অৱস্থাত ৰেল যাত্ৰী গৰাকীক উদ্ধাৰ কৰি লামডিং ৰেলৱে চিকিৎসালয়ত ভৰ্তি কৰাইছে যদিও বৰ্তমানলৈকে অচেতন যাত্ৰী গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি