লামডিং পেট্ৰল পাম্পত উত্তেজনা, ভেজাল তেল বিক্ৰী কৰাৰ অভিযোগ…

লামডিং পেট্ৰল পাম্পত উত্তেজনা,  ভেজাল তেল বিক্ৰী কৰাৰ অভিযোগ…

ডিজিটেল সংবাদ,লামডিংঃ তেলৰ সলনি পেট্ৰল পাম্পত উলাইছে পানী ৷ লামডিঙ পেট্ৰল পাম্পত তেলক লৈ গ্ৰাহকৰ উত্তেজনা ৷এইবাৰ লামডিঙৰ এটা পেট্ৰল পাম্পত ভেজাল তেল ৷ পাম্পৰ তেল ভৰাই বহু বাহন বিকল হৈ পৰাৰ অভিযোগ ৷

লামডিঙৰ লংকা ৰ'ড অৱস্থিত MR HP Lumding নামৰ পেট্ৰল পাম্পত হঠাতে উত্তেজনাৰ সৃষ্টি হয় ৷ গ্ৰাহকে অভিযোগ তুলিছে যে আজি পেট্ৰল পাম্পটোৰ তেলৰ লগত পানী মিহলি হৈ আছে ৷ এজন গ্ৰাহকে বটলত তেল লৈ দেখা পায় যে তেলৰ মাজত বহুতো পানীৰ মিহলি হৈ আছে ৷ লগতে দুজন গ্ৰাহকে পেট্ৰল পাম্পটোৰ তেল ভৰোৱাৰ কিছু সময়ৰ পিছতে তেওলোকৰ দুচকীয়া বাহন বিকল হৈ পৰিছে ৷

কিন্তু তাৰ বিপৰীতে পেট্ৰল পাম্পটোৰ স্বত্তাধিকাৰীয়ে সকলো অভিযোগ ন্যাসাৎ কৰি তেও লোকৰ পেট্ৰল পাম্পৰ তেলৰ লগত কোনো ধৰণৰ পানী মিহলি হৈ থকা নাই বুলি সদৰি কৰাৰ লগতে গ্ৰাহকে মিছা অভিযোগ তুলিছে বুলি মন্তব্য কৰিছে ৷ কিন্তু পেট্ৰল পাম্পটোৰ স্বত্তাধিকাৰী গৰাকীয়ে সকলো গ্ৰাহকৰ তেলসমূহ ওভতাই লৈ তেওঁলোকৰ তেলৰ টকাসমূগ ঘূৰাই দিয়াক লৈও বহুতো ৰহস্যৰ গোন্ধ ওলাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in