লামডিঙত এজন শিক্ষকৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ…

লামডিঙত এজন  শিক্ষকৰ অৰ্ধগলিত  মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ,লামডিংঃ লামডিঙৰ জৰংদিচাত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ শনিবাৰে লামডিং জৰংদিচা নামৰ অঞ্চল পৰা জগদিশ চৌহান নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰে লামডিং আৰক্ষীয়ে ৷

জানিব পৰামতে জগদিশ চৌহান ২নং হাতীখুলীৰ ৰাষ্ট্ৰভাষা ভেঞ্চাৰ স্কুলত বহু বছৰ ধৰি শিক্ষকতা কৰি আহিলি ৷ কিন্তু যোৱা তিনিদিনৰ আগত জগদিশ চৌহান ঘৰৰ পৰা কাম বাবে উলাই আহিছিল যদিও তেওঁ আৰু ঘৰলৈ উভতি নগল ৷ প্ৰায় তিনিদিন ধৰি ব্যক্তিজন নিৰুদ্দেশ হৈ থকাৰ অন্তত আজি সন্ধিয়াতেওঁৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সন্দেহ ভিত্তিত তিনিজনক আটক কৰে ৷ আৰক্ষীয়ে সম্পূৰ্ণ ঘটনাটোক হত্যাকাণ্ড বুলি সন্দেহ কৰে ৷ বৰ্তমান তদন্ত অব্যাহত আছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in